আগৰতলা, 25 মে’: পথাৰ আমাৰ বজাৰ আমাৰ ৷ ত্ৰিপুৰাৰৰ কৃষিখণ্ড তথা গ্ৰাম্য অঞ্চলসমূহৰ বিকাশৰ বাবে উপ-মুখ্যমন্ত্ৰী তথা শক্তি মন্ত্ৰী জিষ্ণু দেৱ বৰ্মাৰ (Tripura’s Deputy Chief Minister Jishnu Dev Varma) গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা ৷ শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰা নৱীকৰণযোগ্য শক্তি উন্নয়ন প্ৰাধিকৰণৰ (Tripura Renewable Energy Development Authority) এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে ৷
এই বৈঠকত ৰাজ্য চৰকাৰৰ সৌৰ শক্তি "আলোক জ্যোতি প্ৰকল্প"ৰ (Aalok Jyoti Prakalpa) জৰিয়তে গাঁৱৰ বজাৰসমূহ পোহৰাই তোলাৰ লগতে বৃস্তিত ব্যৱসায় আৰু বজাৰসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্যখনৰ দূৰৱৰ্তী গাঁৱৰ বজাৰবোৰো পোহৰ কৰি তোলাৰ সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে (Tripura lays emphasis to light up markets in rural hamlet) ৷
মন্ত্ৰীগৰাকীয়ে কয়, "আলোক জ্যোতি প্ৰকল্পৰ অধীনত দূৰৱৰ্তী অঞ্চলসমূহৰ গাঁওসমূহো সামৰি লোৱা হৈছে যদিও এতিয়াও কিছু অঞ্চল সামৰি ল’ব পৰা নাই ৷ পূৰ্বৰ চৰকাৰে গ্ৰাম্যাঞ্চলত বাস কৰা লোকসকলৰ বিষয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল ৷" লগতে ক্ষুদ্ৰ কৃষকসকলৰ সুবিধাৰ্থে জলসিঞ্চনৰ ব্যৱস্থাৰ বাবে প্ৰধানমন্ত্ৰী-কুসুম সৌৰ পাম্পৰো বিষয়েও মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷