আগৰতলা, 29 ডিচেম্বৰ :ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ শান্তিৰবাজাৰ মহকুমাৰ অন্তৰ্গত বকোফা অঞ্চলত কৃষকসকলক ড্ৰাম চিডাৰ যন্ত্ৰৰ উপযোগিতা সন্দৰ্ভে সজাগতা সৃষ্টি কৰিবলৈ ড্ৰাম চিডাৰ মেচিনৰ এক পৰীক্ষামূলক প্ৰয়োগ অনুশীলন অনুষ্ঠিত কৰা হয় ।
দক্ষিণ ত্ৰিপুৰা জিলাৰ কৃষি বিভাগৰ অধীনস্থ বগাফা কৃষি উপ-সংমণ্ডলৰ অধীক্ষক সুজিত কুমাৰে কয় যে, "পাৰম্পৰিক কৃষি কৰা সকলৰ মাজত ড্ৰাম চিডাৰ যন্ত্ৰক পৰিচয় কৰি দিয়াৰ বাবে কাৰ্যসূচীটোৰ আয়োজন কৰা হৈছে । ড্ৰাম চিডাৰ হৈছে নতুন প্ৰজন্মৰ কৃষি সঁজুলিৰ এক অনন্য যন্ত্ৰ ৷ মঙলবাৰে বগাফা কৃষি সংমণ্ডলত মেচিনটো প্ৰচলিত কৰা হয়। "