নিউজ ডেস্ক, 5ফেব্ৰুৱাৰী : আগৰতলাৰ অটল বিহাৰী মেমৰিয়েল আঞ্চলিক কৰ্কট হাস্পতালত, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অহা কৰ্কট ৰোগীৰ বাবে চিকিৎসালয়ত কৰ্কট ৰোগীৰ অস্ত্ৰোপচাৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰা হৈছে ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে হাস্পাতাল খনৰ অধীক্ষক গৌতম মজুমদাৰে ৷ 4 ফেব্ৰুৱাৰীৰ দিনা সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হৈছে বিশ্ব কৰ্কট দিৱস ৷
আগৰতলাৰ অটল বিহাৰী মেম'ৰিয়েল আঞ্চলিক কৰ্কট হাস্পতালৰ লগতে NHCM, TIPS আৰু ত্ৰিপুৰাৰ ফিজিঅ’ থেৰাপি সংগঠনৰ সহযোগত বৃহস্পতিবাৰে যৌথ ভাৱে উদযাপন কৰা হয় বিশ্ব কৰ্কট দিৱস ৷
এক সজাগতা অভিযানত অংশ লৈ আগৰতলাৰ অটল বিহাৰী মেম'ৰিয়েল আঞ্চলিক কৰ্কট হাস্পাতালৰ অধীক্ষক গৰাকীয়ে মন্তব্য কৰে যে,পূৰ্বতে এই হাস্পতালত বহু ক্ৰটিয়ে আছিল৷ যাৰ বাবে হাস্পতাল খনত সকলো ৰোগৰে চিকিৎসা কৰাটো সম্ভৱ নাছিল ৷ কিন্তু বৰ্তমান এই চিকিৎসায়ত কিছু নতুন উপকৰণ সংযোগ কৰা হৈছে,যাৰ বাবে বৰ্তমান এক নতুন শীৰ্ষত জিলিকি উঠিবলৈ সক্ষম হৈছে ৷