আগৰতলা,২০ জুলাই :সপ্তম অৰ্থনৈতিক পিয়লৰ (7th Economic Census in India) প্ৰতিবেদনৰ কাম দেশৰ বিভিন্ন ৰাজ্যত চলি আছে । অৱশ্যে এই প্ৰতিবেদন এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই । কিন্তু ইয়াৰ মাজতে উত্তৰ-পূৱৰ বাবে এক গৌৰৱৰ খবৰ । উত্তৰ-পূৱৰ অন্যতম ৰাজ্য ত্ৰিপুৰাই সম্পূৰ্ণ কৰিলে এই অৰ্থনৈতিক পিয়ল (Tripura completes 7th economic Census)।
ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ২০১৯ চনত ডিজিটেল প্লেটফৰ্মত ম'বাইল এপৰ জৰিয়তে কমন চাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে ৭ম অৰ্থনৈতিক পিয়ল সম্পূৰ্ণ কৰা ত্ৰিপুৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে চিহ্নিত হৈছে । সোমবাৰে এই অৰ্থনৈতিক পিয়ল সন্দৰ্ভত ত্ৰিপুৰাৰ সচিবালয়ত এক শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় (Tripura holds high level meeting on Economic Census)। বুধবাৰে এক প্ৰেছ বিবৃতিযোগে ৰাজ্যখনৰ বিত্ত বিভাগে এই বৈঠকৰ বিষয়ে উল্লেখ কৰে ।