অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ অধিবক্তাৰ মৃত্যুৰ ঘটনাঃ মাতৃক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ - Tripura

"চিকিৎসাজনিত অৱহেলা"ত মৃত্যু হোৱা প্ৰয়াত অধিবক্তা ভাস্কৰ দেবৰয়ৰ মাতৃক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ অগ্ৰিম নিৰ্দেশ দিয়ে ।

tripura-high-court
ত্ৰিপুৰাৰ অধিবক্তাৰ মৃত্যুৰ ঘটনাঃ মাতৃক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

By

Published : Jan 4, 2021, 4:58 PM IST

আগৰতলা, 4 জানুৱাৰী :ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশী আৰু ন্যায়াধীশ এছ জি চটোপাধায়ৰ খণ্ডপীঠে চৰকাৰক সোমবাৰে এক নিৰ্দেশৰ জৰিয়তে "চিকিৎসাজনিত অৱহেলা"ত মৃত্যু হোৱা প্ৰয়াত অধিবক্তা ভাস্কৰ দেবৰয়ৰ মাতৃক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ অগ্ৰিম নিৰ্দেশ দিয়ে।

প্ৰয়াত অধিবক্তাৰ পক্ষত আদালতক প্ৰতিনিধিত্ব কৰা অধিবক্তা পুৰুষোত্তম ৰয় বৰ্মনে কয় যে, 7 মাৰ্চ, 2020 ত আগৰতলাৰ 27 বছৰীয়া অধিবক্তাগৰাকীয়ে এক দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ৷ অধিবক্তাগৰাকীক 7 মাৰ্চৰ নিশা অগ্নি নিৰ্বাপক বাহিনীৰ লোকে আগৰতলাৰ জি.বি.পি. হাস্পতালৰ ট্ৰামা কেন্দ্ৰত লৈ আহে ৷ কিন্তু উক্ত সময়ত চিকিৎসালয়খনত উপস্থিত নাছিল কোনো চিকিৎসক ৷ এনে ক্ষেত্ৰত এজন দুৰ্ঘটনাগ্ৰস্ত ৰোগীয়ে পোৱা প্ৰাথমিক চিকিৎসা তেওঁৰ ক্ষেত্ৰত হোৱা নাই আৰু সেয়েহে তেওঁ পিছদিনা ৰাতিপুৱা ইহসংসাৰ ত্যাগ কৰিছিল।

ত্ৰিপুৰাৰ অধিবক্তাৰ মৃত্যুৰ ঘটনাঃ মাতৃক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

লগতে পঢ়ক:বিজেপি নেতাৰ হত্যাঃ ওড়িশাৰ আইন মন্ত্ৰীসহ ১৩ জনৰ বিৰুদ্ধে অভিযোগ

ABOUT THE AUTHOR

...view details