অসম

assam

ETV Bharat / bharat

মহিলাৰ আত্মহত্যাৰ ঘটনাঃ নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে

দক্ষিণ ত্ৰিপুৰাৰ সাবৰুমত সংঘটিত হোৱা বৰ্বৰ ঘটনাৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন গ্ৰহণ কৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে । এগৰাকী মহিলাৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছিল এদল উদণ্ড লোকে । মহিলাগৰাকীৰ আপত্তিজনক অৱস্থাৰ ভিডিঅ' ৰাজহুৱা হোৱাৰ পিছতে গাঁৱৰ একাংশ লোকে বাসগৃহতে মহিলাগৰাকীক বিবস্ত্ৰ কৰি প্ৰহাৰ কৰে । এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে আত্মহননৰ পথ বাচি লয় ।

Tripura High Court takes suo moto PIL against Sabroom incident
মহিলাৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে

By

Published : May 7, 2021, 3:49 PM IST

নেশ্যনেল ডেস্ক, ৭ মে': এগৰাকী মহিলাৰ ওপৰত একাংশ উদণ্ড লোকে চলোৱা অত্যাচাৰৰ পিছতে মহিলাগৰাকীয়ে আত্মহত্যা কৰা ঘটনাই এতিয়া তোলপাৰ লগাইছে ত্ৰিপুৰাত । দক্ষিণ ত্ৰিপুৰাৰ সাবৰুমত সংঘটিত হৈছে এই বৰ্বৰ ঘটনা । ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশী আৰু ন্যায়াধীশ এছ তালাপাত্ৰৰ বিচাৰপীঠে এই ঘটনাৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন গ্ৰহণ কৰে ।

এই ঘটনাৰ জৰিয়তে মানৱ অধিকাৰৰ সম্ভাৱ্য সৰ্বাধিক উলংঘন হোৱা বুলি কয় উচ্চ ন্যায়ালয়ে । লগতে এক জাননী জাৰি কৰি ত্ৰিপুৰাৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, দক্ষিণ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক আৰু সাবৰুম এছডিপিঅ'ক ঘটনা সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । উত্তৰ দাখিল কৰিবলৈ ন্যায়ালয়ে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে ।

উচ্চ ন্যায়ালয়ে জাৰি কৰা জাননীত কোৱা হৈছে যে, আদালতে এই ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন গ্ৰহণ কৰিছে । ইয়াৰ প্ৰতিলিপি আগতীয়াকৈ এডভ'কেট জেনেৰেল, চৰকাৰী অধিবক্তাক প্ৰদান কৰা হৈছিল । আদালতে কৈছে উপযুক্ত প্ৰমাণ অবিহনে তেওঁলোকে বৰ্তমান প্ৰকাশিত হৈ থকা বাতৰি মানি নলয় । অৱশ্যে, যি বোৰ অভিযোগ উত্থাপিত হৈছে, সেইবোৰৰ যদি এক অংশ সঁচা হয় তেন্তে, ই যিকোনো লোককে হতবাক কৰিব ।

এনে পৰিস্থিতিত ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ পৰা সকলো তথ্য সংগ্ৰহ কৰিব বিচাৰে বুলি আদালতে স্পষ্ট কৰি দিয়ে । ন্যায়ালয়ে কৰ্তৃপক্ষক বাতৰিত দেখুৱা ভিডিঅ' ফুটেজ আৰু মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ ভাষ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । আদালতৰ নিৰ্দেশত কোৱা হৈছে যে, যদি অভিযোগ উত্থাপিত হোৱা ঘটনাটোৰে জড়িত কোনো আলোকচিত্ৰ বা ভিডিঅ' ফুটেজ উপলব্ধ হয়, তেন্তে সেয়া আদালতত দাখিল কৰা হ'ব ।

মৃত মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ ভাষ্য যদি ৰেকৰ্ড কৰা হোৱা নাই তেন্তে শীঘ্ৰেই ৰেকৰ্ড কৰা হ'ব । আদালতে আশ্বাস দিছিল যে, এই গোচৰৰ শুনানি কেৱল ঘটনাৰ সত্যতা পোহৰলৈ অনাৰ বাবেহে গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে, এই শিহৰণকাৰী ঘটনাটো যোৱা ০৩ এপ্ৰিলত সংঘটিত হৈছিল । জানিব পৰা মতে, মহিলাগৰাকীক গাঁওবাসীৰ সন্মুখত অপমানিত কৰা হৈছিল আৰু তেওঁৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ৰাজহুৱাকৈ দেখুওৱা হৈছিল ।

কেৱল এয়াই নহয়, মহিলাগৰাকীৰ দুয়োখন হাত বান্ধি বিবস্ত্ৰ কৰি গাঁৱৰ মাজেৰে লৈ যোৱা হৈছিল । একাংশ লোকে মহিলাগৰাকীক নিৰ্মমভাৱে প্ৰহাৰো কৰিছিল । মহিলাগৰাকীয়ে গাঁৱৰে এজন লোকৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ তুলি এনেদৰে একাংশ লোকে অত্যাচাৰ কৰিছিল । ইয়াৰ পিছতে মহিলাগৰাকীয়ে জীৱনৰ চৰম পথ বাচি লয় ।


লগতে পঢ়ক:তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে এম কে ষ্টেলিনে

ABOUT THE AUTHOR

...view details