নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : ত্ৰিপুৰাত ৰাজনৈতিক হিংসাই চৰম পৰ্যায় পাইছে । আগৰতলাত যোৱা ৮ ছেপ্টেম্বৰত সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ । একাংশ উদণ্ড লোকে লণ্ডভণ্ড কৰিছিল ত্ৰিপুৰাস্থিত চিপিআইএমৰ দলীয় কাৰ্যালয় আৰু সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় । লগতে অংগ্নিসংযোগ কৰাৰো অভিযোগ উত্থাপিত হৈছে ।
এই ঘটনা সন্দৰ্ভত আৰক্ষী নিষ্ক্ৰিয় হৈ থকাৰ অভিযোগ তুলি ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় বাওঁপন্থী নেতা হৰিপদ দাস । মুখ্য ন্যায়াধীশ এ এ কুৰেশী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ খণ্ড বিচাৰপীঠে সোমবাৰে হৰিপদ দাসে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ প্ৰথম শুনানি গ্ৰহণ কৰি এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত উত্তৰ বিচাৰি ত্ৰিপুৰা চৰকাৰলৈ এখন জাননী জাৰি কৰে । এই গোচৰত আবেদনকাৰীৰ পক্ষত থকা অধিবক্তা ৰাজশ্ৰী পুৰকায়স্থই এই কথা জানিবলৈ দিয়ে । তেওঁ কয় যে, যোৱা ৮ ছেপ্টেম্বৰত ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু চি পি আই এমৰ দলীয় কাৰ্যালয়বোৰত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল ।
বাতৰি কাকতৰ এটা কাৰ্যালয়ো উদণ্ড লোকৰ দলটোৱে লণ্ডভণ্ড কৰে । কিন্তু ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত আৰক্ষীয়ে হেমাহি কৰাৰ অভিযোগ তুলিছে বাওঁপন্থী নেতাগৰাকীয়ে ।