নেশ্যনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : সোমবাৰে পশ্চিম ত্ৰিপুৰা জিলা আদালতৰ ই-সেৱা কেন্দ্ৰৰ উদ্বোধন কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশীয়ে । তেওঁ কয় যে, ন্যায় প্ৰদান ব্যৱস্থাৰ পৰা কোনো লোককে বাদ দিয়া উচিত নহয় । এই সন্মানীয় ব্যৱস্থাৰে জড়িত সহায়ক কৰ্মচাৰী, উকীল অথবা ন্যায়াধীশ সকলোকে জনতাৰ বাবে ন্যায় প্ৰদান প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ এক সামূহিক প্ৰচেষ্টা আগবঢ়াৱলৈ তেওঁ আহ্বান জনায় । তেওঁ কয় যে, প্ৰযুক্তিবিদ্যাৰ সঠিক ব্যৱহাৰ নজনা লোক এই সেৱাৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে ।
সেয়ে, এই সমগ্ৰ ব্যৱস্থাটো চোৱাচিতা কৰি থকা লোকসকলে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে । কিয়নো, এই লোকসকলে নিজৰ দায়িত্ব গুৰুত্বসহকাৰে পালন কৰিলেহে ই-সেৱা কেন্দ্ৰ মুকলি কৰাৰ উদ্দেশ্য সাৰ্থক হ'ব । এই ক্ষেত্ৰত ন্যায়াধীশ, উকীল আৰু সহায়ক কৰ্মচাৰীসকলে তেওঁলোকৰ ভূমিকা পালন কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে । দূৰণিৰ পৰা কেৱল ন্যায় লাভৰ আশাত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা লোকসকলৰ সমস্যাবোৰ শীঘ্ৰে সমাধান কৰাত গুৰুত্ব দিব লাগে বুলি মুখ্য ন্যায়াধীশে মন্তব্য কৰে ।
ন্যায়াধীশ কুৰেশীয়ে ন্যায়পালিকাত প্ৰযুক্তিগত উন্নতি সন্দৰ্ভতো বক্তব্য আগবঢ়ায় । লগতে ক'ভিডৰ সংক্ৰমণ অব্যাহত থকা সময়ত ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ কাম-কাজৰ প্ৰণালী সন্দৰ্ভতো তেওঁ মতামত আগবঢ়ায় । তেওঁ কয় যে, প্ৰতিটো সম্ভাৱনাৰ নেতিবাচক দিশ আছে ।