আগৰতলা, 3 মাৰ্চ: ত্ৰিপুৰাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীয়ে বুধবাৰে ঘোষণা কৰে যে ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনিৰ বিকাশৰ বাবে চৰকাৰে অহা এবছৰত ৫০ কোটি টকা ব্যয় কৰিব । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী চৌধুৰীয়ে বুধবাৰে বধৰঘাট ত্ৰিপুৰা ক্ৰীড়া বিদ্যালয় চৌহদত পশ্চিম ত্ৰিপুৰা জিলাৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহত ক্ৰীড়া সঁজুলি বিতৰণত অংশগ্ৰহণ কৰে । তাৰ পাছতেই এই ঘোষণা মন্ত্ৰীগৰাকীৰ ।
লগতে তেওঁ কয় যে চৰকাৰে ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনিৰ বিকাশৰ প্ৰতি ইতিবাচক মনোভাৱৰে কাম কৰি আছে । ৰাজ্য চৰকাৰৰ উদ্দেশ্য হৈছে ক্ৰীড়া সঁজুলিৰ অভাৱৰ বাবে শিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণত যাতে কোনো ব্যাঘাত নহয় সেয়া নিশ্চিত কৰা ।
উল্লেখ কৰিব পাৰি যে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ অধীনত ৰাজ্যখনৰ ২০৬ টা প্ৰশিক্ষণ কেন্দ্ৰত বিভিন্ন ক্ৰীড়া সঁজুলি প্ৰদানৰ বাবে পদক্ষেপ লোৱা হৈছে । ইয়াৰ মূল্য প্ৰায় ৯৪ লাখ টকা হ'ব । মন্ত্ৰীজনে লগতে কয় যে ক্ৰীড়া ক্ষেত্ৰত সফলতা আৰু বিফলতা শাৰীৰিক শিক্ষকসকলৰ কৰ্ম মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰে ।