অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ গ্ৰামাঞ্চলত 15 সহস্ৰাধিক সৌৰ শক্তি চালিত বিদ্যুতৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে : জিষ্ণু দেৱবাৰ্মা - Gramin Bazar Alok Jyoti Prakalp

ত্ৰিপুৰা চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ ৷ ৰাজ্যখনৰ 58 টা গ্ৰাম্য উন্নয়ন খণ্ডৰ অধীনৰ বজাৰ এলেকাত সৌৰ শক্তি চালিত বৈদ্যুতিক খুঁটা স্থাপন কৰাৰ সিদ্ধান্ত(Tripura Govt to install more than 15k solar lights) লৈছে চৰকাৰে ৷ ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই ঘোষণা কৰে এই কথা ৷

tripura-govt-to-install-more-than-15k-solar-lights-in-rural-markets-says-power-minister
ত্ৰিপুৰা চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ

By

Published : Apr 11, 2022, 8:48 AM IST

আগৰতলা, 11 এপ্ৰিল : ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ 58 টা গ্ৰাম্য উন্নয়ন খণ্ডৰ অধীনৰ বজাৰ এলেকাত সৌৰ শক্তি চালিত বৈদ্যুতিক খুঁটা স্থাপন কৰাৰ সিদ্ধান্ত(Tripura Govt to install more than 15k solar lights) লৈছে ৷ ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই ঘোষণা কৰে এই কথা ৷ তেওঁ সদৰি কৰা অনুসৰি, চৰকাৰে গ্ৰামাঞ্চলৰ প্ৰতিখন বজাৰতে 'গ্ৰাম্য বজাৰ আলোক জ্যোতি প্ৰকল্প'(Gramin Bazar Alok Jyoti Prakalp) আঁচনিৰ অধীনত সৌৰ শক্তি চালিত বৈদ্যুতিক খুঁটাসমূহ স্থাপন কৰিব ৷

"ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বজাৰত 40 কোটি টকা ব্যয় সাপেক্ষে 15 হাজাৰ সৌৰশক্তি চালিত বিদ্যুতৰ খুঁটা স্থাপন কৰা হ'ব । যিয়ে সন্ধিয়া গ্ৰাম্য বজাৰবোৰ পোহৰাই তুলিব আৰু ক্ৰেতা-বিক্ৰেতা দুয়োপক্ষৰ বাবে সুবিধাজনক হ'ব" বুলি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয় ।

দেৱবাৰ্মাই লগতে কৈছিল যে, চৰকাৰে জনজাতীয় অঞ্চলত বাস কৰা লোকসকলৰ আৰ্থ-সামাজিক স্থিতি উন্নত কৰাত গুৰুত্ব প্ৰদান কৰিছে ৷ এই প্ৰকল্পটোক বাস্তৱায়িত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু নাবাৰ্ড(NABARD) ৰ দ্বাৰা পুঁজি যোগান ধৰা হৈছে ।

এই প্ৰকল্প স্থাপন হোৱাৰ পিছত গ্ৰামাঞ্চলৰ লোকৰ বাবে সহায়ক(15k solar lights in rural markets of Tripura) হ’ব ৷ সম্প্ৰতি গ্ৰামাঞ্চলৰ অৰ্থনীতি বিকাশ হ’বলৈ ধৰিছে ৷ তেনেক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা থকা উচিত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি বৈদ্যুতিক খুঁটা স্থাপনৰ ফলত অনৈতিক কাৰ্যকলাপৰ মাত্ৰা হ্ৰাস পাব ৷

প্ৰকল্পটো ৰাজ্যৰ 58 টা খণ্ডত পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ'ব । এই প্ৰকল্পৰ অধীনত প্ৰায় 1,291 খন ক্ষুদ্ৰ-বৃহৎ বজাৰ অন্তৰ্ভূক্ত কৰা হ’ব ৷ ইতিমধ্যে এই আঁচনিৰ অধীনত 9 খন বজাৰত মুঠ 174 টা সৌৰশক্তি চালিত বৈদ্যুতিক খুঁটা স্থাপন কৰা হৈছে ।

লগতে চাওক:তৃতীয়বাৰৰ বাবে চিপিএমৰ সাধাৰণ সম্পাদক হ’ল সীতাৰাম য়েচুৰী

ABOUT THE AUTHOR

...view details