আগৰতলা , 25 ছেপ্টেম্বৰ : অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ত্ৰিপুৰা চৰকাৰৰ ৰাজহ বিভাগে(Tripura government’s Revenue department) এই পৰ্যন্ত ৫১৯ টা চৰকাৰী প্লট(government plot) উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজহ মন্ত্ৰী NC Debbarmaই শুকুৰবাৰে সদনত জনোৱা মতে, ভূমি ৰেকৰ্ড আৰু ভূমি সংস্কাৰ আইন ১৯৬০(Tripura Land Records and Land Reforms act 1960)ৰ ব্যৱস্থা অনুসৰি অবৈধ দখলকাৰীৰ কৱলৰ পৰা চৰকাৰে এই ভূমি উদ্ধাৰ কৰিছে ৷
অমৰপুৰৰ বিধায়ক ৰঞ্জিত দাসে(Amarpur MLA Ranjit Das) উত্থাপন কৰা ব্যক্তিগত সদস্যৰ প্ৰস্তাৱৰ সঁহাৰি দি মন্ত্ৰীগৰাকীয়ে এই কথা স্বীকাৰ কৰে যে, ৰাজ্যখনত চৰকাৰী ভূমিৰ অবৈধ দখল হৈছে ৷
মন্ত্ৰীগৰাকীয়ে সদনক কয়, "এই সত্য আমি অস্বীকাৰ কৰিব নোৱাৰো ৷ ত্ৰিপুৰা ভূমি ৰাজহ আৰু ভূমি সংস্কাৰ আইন 1960 (11 তম সংশোধনী) অনুসৰি, জিলা উপায়ুক্ত আৰু মহকুমা সংগ্ৰাহকসকলক এনে ক্ষেত্ৰত গোচৰ চলাবলৈ আৰু অবৈধভাৱে দখল কৰা ভূমি পুনৰুদ্ধাৰ কৰাৰ ক্ষমতা দিয়া হৈছে ৷ বিগত তিনি বছৰত আমাৰ চৰকাৰে অবৈধ বেদখলকাৰীৰ কৱলৰ পৰা এনে ধৰণৰ 519 টা প্লট উদ্ধাৰ কৰিছে" ৷
ভূমি পট্টাত বিসংগতি থকা বেদখলৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে বাধা দিয়াৰ বাবে সকলো বিধায়ক আৰু প্ৰতিনিধিৰ পৰা সহযোগিতাৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে, পূৰ্বৰ চৰকাৰে 1,28,000 হিতাধিকাৰীক পট্টা প্ৰদান কৰিছিল ৷ কিন্তু, বিভাগৰ দ্বাৰা তদন্ত কৰাত প্ৰকৃত মানচিত্ৰ আৰু পট্টা ধাৰকসকলৰ হাতত থকা ভূমিৰ ভৌতিক স্থিতিত তীব্ৰ বিসংগতি আছে ৷
লগতে পঢ়ক :ৰাহুল গান্ধী 'part-time' ৰাজনীতিবিদ : প্ৰহ্লাদ যোশী