অসম

assam

ETV Bharat / bharat

Importance of Local Language: গুৰুত্বপূৰ্ণ দুটাকৈ স্থানৰ নাম সলনি কৰিব ত্ৰিপুৰা চৰকাৰে - Tripura government focuses on local language

স্থানীয় বা থলুৱা ভাষাৰ প্ৰচাৰত অধিক গুৰুত্ব দিছে ত্ৰিপুৰা চৰকাৰে । এইবাৰ ৰাজ্যখনৰ দুটাকৈ গুৰুত্বপূৰ্ণ স্থানৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে (Tripura govt renames two prominent spots)। স্থানীয় কোকবৰোক ভাষাত দিয়া হ'ব বিশেষ স্থানৰ নতুন নাম ।

Importance of Local Language
গুৰুত্বপূৰ্ণ দুটাকৈ স্থানৰ নাম সলনি কৰিব ত্ৰিপুৰা চৰকাৰে

By

Published : Jan 20, 2022, 5:28 PM IST

আগৰতলা,২০ জানুৱাৰী :ত্ৰিপুৰা চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ঘোষণা । ৰাজ্যখনৰ দুটাকৈ স্থানৰ নাম সলনি হ'ব (Tripura govt renames two prominent spots)। স্থানীয় কোকবৰোক ভাষালৈ সলনি কৰা হ'ব দুয়োটা স্থানৰ নাম । ৪৪ সংখ্যক কোকবৰোক দিৱসৰ বিশেষ অনুষ্ঠানতে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে ধলাই জিলাৰ অন্তৰ্গত গন্দাচেৰা মহকুমা আৰু আথাৰুমুৰা পাহাৰৰ নাম সলনি কৰা হ'ব ।

গন্দাচেৰা আৰু আথাৰুমুৰা ৰাজ্যখনৰ অতি বিখ্যাত স্থান । গন্দাচেৰা মহকুমা ডাম্বুৰ হ্ৰদ আৰু নাৰিকেলকুঞ্জাৰ বাবে বিখ্যাত আনহাতে অথাৰুমুৰা পাহাৰ ত্ৰিপুৰাৰ তিনিখন জিলাতে বিয়পি আছে । স্থানীয় ভাষা কোকবৰোকৰ প্ৰসাৰৰ উদ্দেশ্যে গণ্ডাচেৰাৰ নাম গণ্ডা টুইচা আৰু আথাৰামুৰাৰ নাম হাচুক বেৰেমলৈ সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । লক্ষণীয়ভাৱে দুয়োটা অঞ্চলতে জনজাতীয় লোকৰ সংখ্যা অধিক ।

ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত আয়োজিত ৪৪ সংখ্যক কোকবৰোক দিৱসত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কোকবৰোক শিক্ষকৰ হাতপুথি, স্মাৰক, আলোচনী আৰু আন কেইবাখনো গ্ৰন্থ উন্মোচন কৰে । এই বছৰৰ কোকবৰোক দিৱস উদযাপনৰ মূল বিষয় হৈছে 'মাতৃভাষাক সন্মান কৰা'।

জনজাতীয় কল্যাণ বিভাগৰ অধীনৰ শিক্ষা আৰু জনজাতীয় গৱেষণা আৰু সংস্কৃতি কেন্দ্ৰৰ অধীনত ককবৰক ভাষা (Kokborok language) আৰু অন্যান্য সংখ্যালঘু ভাষা অধিকাৰ বিভাগৰ যুটীয়া পৰিচালনাৰ অধীনত এই অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কোকবৰোক ভাষাৰ প্ৰতি সন্মান জনাই উক্ত অঞ্চল দুটাৰ নাম স্থানীয় ভাষালৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দুয়োটা স্থানৰ নাম সলনি কৰাৰ পাছতে সেই স্থানলৈ অহা দেশী-বিদেশীৰ পৰ্যটকৰ জৰিয়তে কোকবৰোক ভাষাৰ প্ৰচাৰ বিশ্বজুৰি সম্ভৱ হ'ব ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে ভাষা যিমানে শিকা হয়, সিমানেই অভিজ্ঞতা বৃদ্ধি হয় । তেওঁ লগতে কয় যে প্ৰথমবাৰৰ বাবে অনুষ্ঠানটোত উন্মোচন কৰা শিক্ষকৰ হাতপুথিকে ধৰি অন্যান্য গ্ৰন্থসমূহে কোকবৰোক ভাষাৰ প্ৰসাৰ আৰু শিক্ষাদানত এক অগ্ৰণী ভূমিকা পালন কৰিব । মুখ্যমন্ত্ৰীয়ে কয় যে ১৩০০ কোটি টকাৰ বিত্তীয় পেকেজে ৰাজ্যখনৰ জনজাতিসকলৰ আৰ্থ-সামাজিক জীৱন ধাৰণৰ মানদণ্ড বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লগতে পঢ়ক :Special Covid Vaccination Camp : ত্ৰিপুৰাত আৰম্ভ তিনিদিনীয়া বিশেষ টীকাকৰণ অভিযান

For All Latest Updates

ABOUT THE AUTHOR

...view details