আগৰতলা, ১২ মে' :শেহতীয়াকৈ ত্ৰিপুৰাৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে চৰকাৰে বিদ্যাজ্যোতি আঁচনি আৰম্ভ কৰিছে (Vidyajyoti scheme of Tripura govt)। এই আঁচনিৰ বাবে চৰকাৰে ১০০ খন বিদ্যালয় বাছনি কৰিছিল । এই আঁচনিৰ অধীনত নিৰ্বাচিত বিদ্যালয়বোৰত শিক্ষাৰ্থীসকলৰ বাবে অত্যাধুনিক সুবিধাৰ ব্যৱস্থা কৰা হ'ব আৰু শিক্ষাৰ্থীসকলৰ বাবে এক উন্নত পৰিৱেশ গঢ়ি তোলা হ'ব য'ত উচ্চ-প্ৰযুক্তিৰ আহিলা স্থাপন কৰা হ'ব ।
চৰকাৰে হাতত লোৱা এই প্ৰচেষ্টাৰ পাছতে ৰাজ্যজুৰি এক ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে । উক্ত বিদ্যালয়বোৰত পূৰ্বতকৈ অধিক লোকে নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে আবেদন কৰিছে (Tripura government school admission application rush)। এই কথা প্ৰকাশ কৰে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে । তেওঁ উল্লেখ কৰা মতে আনকি ব্যক্তিগত বিদ্যালয়ত পঢ়ি থকা কিছুমান শিক্ষাৰ্থীৰ অভিভাৱকেও শিক্ষাদানৰ মাচুল কম হোৱাৰ বাবে এই বিদ্যালয়সমূহত নামভৰ্তি কৰিবলৈ ইচ্ছুক ।
তেওঁ উল্লেখ কৰা মতে আঁচনিৰ অধীনত বাছনি কৰা বিদ্যালয়সমূহৰ নাম ঘোষণা কৰাৰ লগে লগে উক্ত বিদ্যালয়সমূহত নামভৰ্তিৰ আবেদন বৃদ্ধি পাইছে (Admission applications in Tripura government schools have increased)। নামভৰ্তিৰ আবেদনেৰে ভৰি পৰিছে বিদ্যালয়সমূহ । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই বছৰ চৰকাৰে ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীত নামভৰ্তিৰ প্ৰায় ১০,৮০০ খন আবেদন লাভ কৰিছে ।