নিউজ ডেস্ক, ২০ জুলাই :পৰ্যটন ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰৰ গুৰুত্ব আৰোপ । ত্ৰিপুৰাত অধিক পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে একাধিক সিদ্ধান্ত । তাৰ অংশ হিচাবে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ জলাশয় ডাম্বুৰ হ্ৰদক বিশ্বমানৰ পৰ্যটনস্থলী হিচাপে বিকশিত কৰাৰ বাবে একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে (Tripura government multiple plans to develop Dumboor Lake) ।
২০১৮ চনত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছত ত্ৰিপুৰাৰ অৰ্থনীতিৰ অন্যতম অংশ হৈ পৰিছে পৰ্যটন খণ্ড । ত্ৰিপুৰাৰ পৰ্যটন খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে (initiatives for development tourism sector by Tripura Government) । ইয়াৰ অংশ হিচাপে পূব ত্ৰিপুৰা সংসদীয় সমষ্টিৰ সাংসদ ৰেবাটি ত্ৰিপুৰাই ছ'চিয়েল মিডিয়াত কয় যে গন্দাচেৰা উপ-সংমণ্ডলৰ এক মনোমোহা জলাশয় ডাম্বুৰ হ্ৰদ ত্ৰিপুৰাৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰ হৈ পৰিছে আৰু ৰাজ্য চৰকাৰে এই পৰ্যটনস্থলীৰ বিকাশৰ বাবে বিভিন্ন ব্যৱস্থা আৰম্ভ কৰিছে ।
তেওঁ লিখিছে, "ডাম্বুৰ হৈছে ত্ৰিপুৰাৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰ (best tourist area in Tripura Dumboor) । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে ৭৮ কোটি টকাৰ পথ নিৰ্মাণকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছে ।" আনহাতে, গ্ৰহণ কৰা পদক্ষেপৰ উদাহৰণ দাঙি ধৰি সাংসদ ৰেবাটিয়ে কয়, "৫২ কোটি টকাৰ গোমতী জিলাৰ জাটানবাৰীৰ পৰা মন্দিৰ ঘাটলৈ নতুন পথ নিৰ্মাণ কৰা হৈছে ।