আগৰতলা, ৯ নৱেম্বৰ :দেশত ক'ভিড 19 ৰ (Covid 19) সংক্ৰমণ অব্যাহত আছে । ইয়াৰ মাজতে বিভিন্ন ৰাজ্যই টীকাকৰণ অভিযান দ্ৰুতগতিত চলাই গৈছে । ত্ৰিপুৰা চৰকাৰে টীকাকৰণৰ ক্ষেত্ৰত অধিক তৎপৰতা গ্ৰহণ কৰিছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Chief Minister Biplab Kumar Deb) ঘোষণা কৰা মতে, প্ৰতিষেধকৰ প্ৰথম পালিৰ (first dose) দৰে দ্বিতীয় পালি (Second dose) সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে আগৰতলা ক্লাব ফ'ৰামৰ সহযোগত ৰামনগৰ স্প’ৰ্টিং ক্লাবত আয়োজিত এক বিশেষ ক'ভিড টীকাকৰণ কাৰ্যসূচীত উপস্থিত থাকি ৰাজ্যখনৰ টীকাকৰণ অভিযানৰ বিষয়ে উল্লেখ কৰে ৷ ইফালে টীকাকৰণ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আগৰতলা ক্লাব ফ'ৰামকো প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী নাগৰিকৰ স্বাস্থ্য সুৰক্ষা চৰকাৰৰ প্ৰধান কৰ্তব্য ।