নেশ্যনেল ডেস্ক, ১২ জুলাই: বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Sheikh Hasina)লৈ কুইন প্ৰজাতিৰ সুস্বাদু আনাৰস প্ৰেৰণ কৰিলে ত্ৰিপুৰা চৰকাৰে । ত্ৰিপুৰাৰ আনাৰসৰ প্ৰসাৰ আৰু বাংলাদেশৰে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আনাৰস প্ৰেৰণ কৰা হৈছে । ত্ৰিপুৰা উৎপাদিত সামগ্ৰীৰ বাবে বাংলাদেশৰ বজাৰ হৈছে এক গুৰুত্বপূৰ্ণ বজাৰ । ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিবলৈ দুয়োখন দেশেই আগ্ৰহী ।
ত্ৰিপুৰা উদ্যান শস্য, উদ্যোগ আৰু বাণিজ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে বাংলাদেশৰ চিটাগং স্থিত ভাৰতীয় উচ্চায়ুক্তৰ দ্বিতীয় সচিব উদিত ঝাৰ হাতত আনাৰসখিনি দিয়ে । এই সন্দৰ্ভত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সঞ্চালক তৰিৎ কান্তি চাকমাই কয় যে, ‘বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Biplab Kumar Deb)লৈ ৩০০ কিলোগ্ৰাম আম প্ৰেৰণ কৰিছিল । সেয়েহে, সদিচ্ছাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়েও বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনালৈ কুইন প্ৰজাতিৰ সুস্বাদু আনাৰসৰ মুঠ ১০০টা বাকচ প্ৰেৰণ কৰিছে ।’
প্ৰতিটো বাকচত চাৰিটাকৈ আনাৰস আছে । আনাৰস থকা প্ৰতিটো বাকচৰ ওজন ৭-৮ কেজি ।