আগৰতলা, 7 জানুৱাৰী : ত্ৰিপুৰাৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী আৰু চি.আই.টি.ইউ. নেতা মানিক দেয়ে বৃহস্পতিবাৰে ক‘ভিড-19 মহামাৰীৰ পৰৱৰ্তী সময়ত অৰ্থনৈতিক অৱস্থাক পুনৰুদ্ধাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ৷ তেওঁ যিকোনো ধৰণৰ কামত নিয়োজিত লোকসকলৰ বাবে নিম্নতম ৭০০ টকাৰ মজুৰি প্ৰদান নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। এটা পৰিয়াল চলাবলৈ এই নিম্নতম মজুৰিৰ প্ৰয়োজন আৰু চৰকাৰে ইয়াক এম.জি. এনেৰেগা আৰু অন্যান্য নিয়োগ আঁচনিৰ জৰিয়তে নিশ্চিত কৰিব লাগে ৷
মাণিক দেয়ে কয় যে,"আমাৰ দাবী হৈছে যে,চৰকাৰে 700 টকাৰ নিশ্চিয়তাযুক্ত হাজিৰা নিৰ্ধাৰণ কৰিব লাগিব ৷ যিয়ে প্ৰতি মাহে 21,000 টকাৰ আয় নিশ্চিত কৰে ৷ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিত পৰিয়াল এটা চলাবলৈ,এই নিম্নতম মজুৰিৰ প্ৰয়োজন। "