নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক বাদল চৌধুৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ তেওঁৰ গ্ৰেপ্তাৰৰ দাবী জনালে স্থানীয় একাংশ লোকে । পুৱা প্ৰায় ৮.৩০ বজাত শতাধিক স্থানীয় লোকসকলে বাদল চৌধুৰীৰ বেল'নিয়াৰ দক্ষিণ মিৰ্জাপুৰস্থিত বাসগৃহ ঘেৰাও কৰে । তেওঁলোকৰ অভিযোগ অনুসৰি, অধিক ধন ঘূৰাই দিয়াৰ আশা দি গ্ৰাহকৰ ধন লুটি নিয়া ৰ'জ ভেলী কোম্পানীৰ চিট ফান্দ কেলেংকাৰীৰে বাদল চৌধুৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ জড়িত হৈ আছিল ।
সেয়ে, বৃহস্পতিবাৰে প্ৰাক্তন মন্ত্ৰী তথা চিপিআইএম নেতা বাদল চৌধুৰীক গ্ৰেপ্তাৰৰ দাবী জনাই একাংশ লোকে তেওঁ বাসগৃহ ঘেৰাও কৰে । চাকৰিৰ পৰা বঞ্চিত ১০,৩২৩ জন শিক্ষকৰ মাজৰ বহু শিক্ষকেও বৃহস্পতিবাৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বাসগৃহ ঘেৰাও কৰা কাৰ্যসূচীত অংশ লৈছিল । এই শিক্ষকসকলে তেওঁলোকৰ বিৰুদ্ধে কৰা অন্যায়ৰ বাবে ক্ষতিপূৰণ প্ৰদানৰ দাবী কৰিছিল । আনহাতে, বাদল চৌধুৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সমগ্ৰ ঘটনাটো বিজেপিৰ কেইগৰাকীমান নেতাৰ পৃষ্ঠপোষকতাত সংঘটিত হৈছিল ।
এই ঘটনাৰ পিছতে বাদল চৌধুৰীয়ে দাখিল কৰা এখন এজাহাৰত উল্লেখ কৰিছে যে, প্ৰতিবাদকাৰীসকলক তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ষড়যন্ত্ৰমূলভাৱে ব্যৱহাৰ কৰা হৈছে আৰু তাত বাস কৰা জ্যেষ্ঠ লোকসকলক কষ্ট দিয়া হৈছে । প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে অৱগত হোৱাৰ পিছতে বেল'নিয়া আক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । বিজেপিৰ ঋষিমুখ মণ্ডলৰ সভাপতিগৰাকীয়ে কয় যে, স্থানীয় একাংশ লোকে ৰ'জ ভেলী চিট ফান্দ কেলেংকাৰীৰে প্ৰাক্তন মন্ত্ৰী বাদল চৌধুৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ জড়িত থকাৰ অভিযোগ তুলি দুয়োকে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ।