নিউজ ডেস্ক, 30 ডিচেম্বৰ :ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে বুধবাৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ অভিযোগৰ আঙুলি দোৱাই কয় যে, বৰ্তমান চৰকাৰৰ কৰিবলগীয়া বিশেষ একো নায় ৷ যাৰবাবে সাধাৰণ জনতাই কি কৰিছে, কি খাইছে সেইবোৰৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰাখিছে ৷ এজন সাধাৰণ ব্যক্তিয়ে কাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব, কাৰ সৈতে প্ৰেম কৰিব সেইবোৰ একান্ত ব্যক্তিগত ৷ সেইবোৰত চৰকাৰে হস্তক্ষেপ কৰাটো ভাল নহয় বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
তাৰ উপৰিও তেওঁ কয় যে, বৰ্তমান দেশ যথেষ্ট সংকটত আছে ৷ বিভাজনমুখী কিছু শক্তিয়ে ভাৰতবৰ্ষক বিভাজিত কৰিবলৈ চেষ্টা কৰিছে ৷ ইয়াৰ পূৰ্বেও আমি খাদ্য, লক ডাউন, ঔষধ আদিৰ বাবে যথেষ্ট সংকটত আছো ৷ তাকে নকৰি কোনজন ব্যক্তিয়ে কাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, কোনো কাৰ সৈতে প্ৰেম কৰিছে, সেইবোৰ দিশ চিন্তা কৰি থকাৰ সলনি উন্নয়নত চিন্তা কৰিব লাগে বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক :সীমান্তত শেন চকু দিয়াসকলক কোনোপধ্যে ৰক্ষা কৰা নহ'ব-ৰাজনাথ সিং
ইয়াৰ উপৰিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতবৰ্ষৰ ৰাজনৈতিক বাতাবৰণ বৰ্তমান ঠিক নহয় ৷ সংবিধানে প্ৰদান কৰা স্বতন্ত্ৰতা, লোকতন্ত্ৰ আৰু সমতাৰ ওপৰত আজি আক্ৰমণ হৈছে ৷
আনহাতে, সংবিধান প্ৰণেতা লোকসকলক স্মৰণ কৰি মানিক সৰকাৰে পুনৰ কয় যে, যিসকলে সংবিধান প্ৰণয়ন কৰিলে, সংবিধানত সকলোৰে বাবে সম-অধিকাৰ স্থাপন কৰিলে, আনকি, স্বাধীনতাৰ পূৰ্বেও বা স্বাধীনতাৰ পিচতো কোনো শক্তিয়ে আমাক দ্বিখণ্ডিত কৰিব পৰা নাছিল ৷ সাৰ্বভৌমত্ব শব্দটিয়ে আমাক সকলোকে একত্ৰিত কৰি ৰাখিছিল ৷