আগৰতলা, 20 মে’: কৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা সীমাবদ্ধতা আৰু কম মাত্ৰাত হোৱা বৰষুণে চলিত বছৰত ত্ৰিপুৰাৰ কৃষি খণ্ডত সামূহিকভাৱে দুগুণ আঘাত কৰে । এফালে ৰাজ্যখনৰ কৃষকসকলে ৰাজ্যখনৰ প্ৰায় সকলো ঠাইতে প্ৰতিবন্ধকতাৰ মাজেৰে শস্যৰ বজাৰ চলাই নিবলৈ নিৰন্তৰ সংগ্ৰাম কৰি আছে ৷ আনফালে শস্যভূমিত জলসিঞ্চনৰ সুবিধা নথকাৰ কাৰণে শুকান বতৰৰ বাবে শষ্যভূমিত ফাঁট মেলা পৰিলক্ষিত হৈছে । কৃষি বিভাগৰ বিষয়াসকলৰ মতে, মাৰ্চ, এপ্ৰিল মাহত ৰাজ্যখনে লাভ কৰা সাধাৰণ বৰষুণৰ তুলনাত মে’ মাহত বৰষুণৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছে ।
কৃষি বিভাগৰ এক উচ্চ স্থানৰ সূত্ৰই কয় যে, "যিবোৰ অঞ্চলত জলসিঞ্চনৰ সুবিধা উন্নত নহয়, সেই সমূহ অঞ্চলত কৃষকসকলে পানীৰ উৎস হিচাপে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে । প্ৰতি বছৰে, মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত ত্ৰিপুৰাত যথেষ্ট পৰিমাণৰ বৰষুণ হয়, যি কৃষকসকলৰ পানীৰ চাহিদা পূৰণ কৰে । কিন্তু এই বছৰ এইটো একেবাৰে বেলেগ ঘটনা সংঘটিত হৈছে । "