অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ পৰা দিল্লীলৈ ৰপ্তানি ৬ মেট্ৰিকটন ৰাণী আনাৰস - Tripura exports queen pineapple to Delhi

ত্ৰিপুৰাৰ আনাৰস আৰু কঁঠাল দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশতো অতি জনপ্ৰিয় । প্ৰতিবছৰে এই ফল দেশৰ বিভিন্ন ৰাজ্য আৰু বিদেশলৈ ৰপ্তানি হয় । শনিবাৰে ৰাজ্যখনৰ বিখ্যাত ৰাণী আনাৰস দিল্লীলৈ ৰপ্তানি কৰা হয় (Pineapple consignment from Tripura to Delhi)। আগষ্টলৈকে এই আনাৰসৰ ৰপ্তানি অব্যাহত ৰাখিব ।

Pineapple
ত্ৰিপুৰাৰ পৰা দিল্লীলৈ ৰপ্তানি ৬ মেট্ৰিকটন ৰাণী আনাৰস

By

Published : Jun 25, 2022, 7:25 PM IST

আগৰতলা, ২৫ জুন :ত্ৰিপুৰাৰ পৰা প্ৰতি বছৰে বিদেশলৈ ৰপ্তানি হয় বিভিন্ন প্ৰকাৰৰ ফল, পাচলি আদি । বিশেষকৈ ত্ৰিপুৰাৰ আনাৰস, কঁঠাল বিদেশত অতি জনপ্ৰিয় । কেৱল এয়াই নহয় দেশৰ ভিন্ন প্ৰান্তলৈও বছৰি লাখ লাখ আনাৰস আৰু কঁঠাল ৰপ্তানি হৈ আহিছে ।

এইবছৰো ত্ৰিপুৰাৰ আনাৰস, কঁঠাল দেশৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি হৈছে । শনিবাৰে ৰাজ্যখনৰ পৰা দিল্লীলৈ ৰপ্তানি কৰা হ'ল ৬ মেট্ৰিকটন আনাৰস (Pineapple consignment from Tripura to Delhi)। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী প্ৰাণজিৎ সিংহ ৰয়ৰ উপস্থিতিত আগৰতলাৰ সমীপৰ নাগিচেৰাৰ পৰা আনাৰসখিনি ৰপ্তানি কৰা হয় (Pranjit Singha Roy flagged off Pineapple consignment)। ৰপ্তানিৰ শুভাৰম্ভ কৰাৰ পাছতে মন্ত্ৰী সিংহ ৰয়ে কয় যে ৰাণী প্ৰজাতিৰ আনাৰসৰ চাহিদা কেৱল ভাৰততে নহয় বিদেশতো যথেষ্ট বৃদ্ধি পাইছে ।

ত্ৰিপুৰাৰ ৰাণী প্ৰজাতিৰ আনাৰস নতুন নহয়; কিন্তু বিপণনৰ অভাৱৰ বাবে দেশৰ মানুহে এই প্ৰজাতিৰ আনাৰসৰ বিষয়ে অৱগত নাছিল । কিন্তু ত্ৰিপুৰাত বিজেপি দল শাসনলৈ অহাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২০১৮ চনৰ ৭ জুনত ৰাণী প্ৰজাতিৰ আনাৰসক ত্ৰিপুৰাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছিল । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে তেতিয়াৰ পৰা চৰকাৰে দেশৰ ভিন্ন প্ৰান্তৰ লগতে ডুবাই আৰু কাটাৰলৈও আনাৰস ৰপ্তানি কৰি আহিছে । ক'ভিড পৰিস্থিতিৰ বাবে ৰপ্তানিত বাধা আহিছিল কিন্তু চৰকাৰে শনিবাৰে পুনৰ দিল্লীলৈ আনাৰস ৰপ্তানি কৰে (Tripura exports queen pineapple to Delhi)।

তেওঁ লগতে কয় যে ত্ৰিপুৰাই আগষ্টলৈকে এই আনাৰসৰ ৰপ্তানি অব্যাহত ৰাখিব আৰু তাৰ পাছত তেওঁলোকে কিউ আনাৰসৰ ৰপ্তানি আৰম্ভ কৰিব । মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ প্ৰশংসা কৰি কয় যে চৰকাৰে কৃষকসকলৰ উন্নয়নৰ বাবে কাম কৰি আছে আৰু সেইকাৰণে কেৱল আনাৰসে নহয়, আন আন ৰাজ্যলৈ নেমু আৰু কঁঠাল আদিও ৰপ্তানি কৰা হৈছে ।

লগতে পঢ়ক :Kolkata Tram Service: সময়ৰ সোঁতত বিলিন হৈ পৰিব পাৰে কলিকতাৰ আবেগ ট্ৰাম সেৱা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details