আগৰতলা, 14 জুন :ত্ৰিপুৰা উপ-নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত হিংসাত্মক কাৰ্যকলাপৰ ঘটনা পোহৰলৈ আহিছে (Tripura by election 2022) ৷ এইবাৰ প্ৰাক্তন বিজেপি মন্ত্ৰী তথা ৬ নং আগৰতলা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনে প্ৰাক-নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে (Former BJP Minister Sudip Roy Barman complaint file) ৷
সুদীপ ৰয় বৰ্মনে দাখিল কৰা অভিযোগৰ ভিত্তিত অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া ইউ জে মোগে শনিবাৰে জিলা নিৰ্বাচন বিষয়া, আৰক্ষী অধীক্ষক আৰু পৌৰ আয়ুক্তক ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি ঘটনা সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷
কংগ্ৰেছৰ প্ৰাৰ্থীজনে এক পত্ৰযোগে উল্লেখ কৰে যে "মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগৰ প্ৰচেষ্টা বিফল কৰিবলৈ বিজেপিৰ কেডাৰসকলে কু-অভিসন্ধি আৰু ষড়যন্ত্ৰ কৰিছে (BJP to foil the ECIs attempt)৷" সংশ্লিষ্ট নিৰ্বাচনী আয়োগক এই বিষয়ত চোৱা-চিতা কৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ ( Action taken against BJP ) কৰিবলৈ আহ্বান জনায় বৰ্মনে ৷