অসম

assam

By

Published : May 19, 2021, 5:48 PM IST

ETV Bharat / bharat

ত্ৰিপুৰাৰ 20খন বিদ্যালয়ক বিশেষ শ্ৰেণীৰ বিদ্যালয় হিচাপে ঘোষণা

ত্ৰিপুৰা কেবিনেটে কোনো মধ্যৱৰ্তী পৰীক্ষা অবিহনে কিছুমান শ্ৰেণীৰ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে । মঙলবাৰে কেবিনেট বৈঠকত ৰাজ্যিক পৰিষদৰ মন্ত্ৰীসকলে এই বিশেষ সিদ্ধান্তক অনুমোদন জনাইছে ৷ কেবিনেটৰ মুখপাত্ৰ ৰতন লাল নাথে সদৰি কৰিছে এই কথা ৷

Tripura education department to promote select classes sans exams, 20 school declared as special category
ত্ৰিপুৰাৰ 20খন বিদ্যালয়ক বিশেষ শ্ৰেণীৰ বিদ্যালয় হিচাপে ঘোষণা

আগৰতলা, 19 মে’: ত্ৰিপুৰা কেবিনেটে কোনো মধ্যৱৰ্তী পৰীক্ষা অবিহনে কিছুমান শ্ৰেণীৰ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে । মঙলবাৰে কেবিনেট বৈঠকত ৰাজ্যিক পৰিষদৰ মন্ত্ৰীসকলে এই বিশেষ সিদ্ধান্তক অনুমোদন জনাইছে ৷ কেবিনেটৰ মুখপাত্ৰ ৰতন লাল নাথে সদৰি কৰিছে এই কথা ৷

ইয়াৰ উপৰিও কেবিনেটে ত্ৰিপুৰাৰ 20 খন বিদ্যালয়ক বিশেষ শ্ৰেণীৰ বিদ্যালয় হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে য'ত ৰাজ্যজুৰি শিক্ষাৰ্থীসকলে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব ।

ত্ৰিপুৰাৰ 20খন বিদ্যালয়ক বিশেষ শ্ৰেণীৰ বিদ্যালয় হিচাপে ঘোষণা

উল্লেখ্য যে, 2018 চনত নতুন চৰকাৰ গঠন হোৱাৰ পিছত এক নিৰ্দিষ্ট দূৰত্বৰ পৰা শিক্ষাৰ্থীৰ নামভৰ্তি সীমিত কৰা হৈছিল । গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি শিক্ষামন্ত্ৰী ৰতন লাল নাথে কয় যে, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক পৰীক্ষা অবিহনে পৰৱৰ্তী উচ্চশ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়া হ'ব ।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, "বিদ্যালয়সমূহ পুনৰ খোলাৰ পিছত কেৱল মূল্যাংকনৰ বাবে মূল্যাংকন পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । কোনো উত্তীৰ্ণ নম্বৰ বা অন্যান্য বাধ্য বাধকতা পৰিপূৰ্ণ কৰিব নালাগে," তদুপৰি বিদ্যালয়ৰ কিতাপ বিতৰণ ইতিমধ্যে আৰম্ভ হৈছে বুলিও সদৰি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

আনহাতে, বৰ্তমানৰ ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ কথা বিবেচনা কৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে গ্ৰীষ্মকালীন বন্ধ অহা ৭ জুনলৈ বৃদ্ধি কৰা হৈছে বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰতন লাল নাথে ৷

লগতে পঢ়ক: অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details