আগৰতলা ,৬আগষ্ট:ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদে (Tripura Tribal Areas Autonomous District Council) ৰাজ্য় চৰকাৰক জিলা পৰিষদৰ সৈতে সহযোগিতা নকৰা বুলি অভিযোগ উত্থাপন কৰিছে । তদুপৰি স্বায়ত্ব শাসিত জিলা পৰিষদক চৰকাৰে সন্মান নকৰাৰো অভিযোগ উত্থাপিত হৈছে । যোৱা শুকুৰবাৰে 'ঝুম খেতি' (Jhum Cultivation) শীৰ্ষক এখন কৰ্মশালাত বক্তব্য আগবঢ়াই টিটিএএডিচিৰ মুখ্য হুইপ ৰবীন্দ্ৰ দেববৰ্মাই কয় যে, জিলা পৰিষদে বিভিন্ন বিষয়ত সহায়ৰ বাবে ৰাজ্য চৰকাৰলৈ বহুবাৰ পত্ৰ লিখিছে (Chief Whip of TTAADC Rabindra Debbarma)। এইক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ইতিবাচক উত্তৰ অহা নাই বুলিও তেওঁ কয় ।
টিটিএএডিচিৰ মুখ্য হুইপ ৰবীন্দ্ৰ দেববৰ্মাই পুনৰ কয় যে, ৰাজ্য চৰকাৰে টিটিএএডিচি প্ৰশাসনৰ সৈতে দুৰ্ব্যৱহাৰ কৰি আছে । টিটিএএডিচিয়ে বিভিন্ন বিষয়ত সহায়ৰ বাবে ৰাজ্য চৰকাৰলৈ পত্ৰ লিখিছে । ইয়াৰ পিছতো ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্তৃপক্ষই টিটিএএডিচি কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰা নাই । ৰবৰ খেতিৰ বতৰ অহা কেইদিনমানৰ ভিতৰত শেষ হ'ব । কিন্তু ৰাজ্য চৰকাৰে জিলা পৰিষদক ৰবৰৰ গছপুলি যোগান ধৰাৰ বিষয়ে একো অৱগত কৰা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰে ।