আগৰতলা,২৯ জুলাই: ত্ৰিপুৰাৰ উন্নয়ণৰ লগত জড়িত বিভিন্ন বিভাগৰে পৰ্যালোচনা বৈঠকত মিলিত হয় ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা । উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ মাজত সমন্বয় বজাই ৰাখি বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা সকলো উন্নয়নমূলক কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে(Deputy CM orders speedy completion of development work in Tripura) । শুকুৰবাৰে খোৱাই পঞ্চায়ত সমিতি হল আৰু খোৱাই ডাক বাংলোত দুখনকৈ পৃথক সভাত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাৰ্যকলাপৰ পৰ্যালোচনা কৰে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে(Deputy CM reviewed the development activities of various departments) ।
বৈঠকত মিলিত হৈ তেওঁ কয় যে ৰাজ্যখনৰ বৰ্তমানৰ চৰকাৰে সমাজৰ একেবাৰে অন্তিম ব্যক্তিজনক বিভিন্ন সেৱা প্ৰদান কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে । লগতে তেওঁ উল্লেখ কৰে যে বিভিন্ন বিভাগৰ বিষয়া আৰু তেওঁলোকৰ সৈতে জড়িত প্ৰশাসনৰ বিভিন্ন স্তৰৰ ব্যক্তিসকল এই পদক্ষেপৰ সঠিক ৰূপায়ণৰ বাবে দায়বদ্ধ । যাতে সমাজৰ প্ৰতিটো অংশই বিভিন্ন সেৱা লাভ কৰে সেয়া নিশ্চিত কৰাৰ কথা উল্লেখ কৰে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই ।