অসম

assam

ETV Bharat / bharat

বিজ্ঞানক গাঁওসমূহলৈ লৈ যোৱাৰ চেষ্টা ত্ৰিপুৰা চৰকাৰৰ

বিজ্ঞানক ব্যৱহাৰ কৰি ৰাজ্যখনৰ বিভিন্ন ব্যৱস্থাপনা আৰু উন্নয়নমূলক কাম সম্পাদন কৰাৰ প্ৰচেষ্টা কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ ইয়াৰোপৰি গাওঁসমূহত এতিয়াও অব্যাহত থকা অন্ধ বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিজ্ঞানক গাঁওসমূহলৈ লৈ যোৱাৰ চেষ্টা কৰা বুলি মন্তব্য কৰিছে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই (Deputy Chief Minister of Tripura Jishnu Dev Verma) ৷

By

Published : Mar 1, 2022, 10:39 PM IST

Deputy Chief Minister of Tripura Jishnu Dev Verma
বিজ্ঞানক গাঁওসমূহলৈ লৈ যোৱাৰ চেষ্টা ত্ৰিপুৰা চৰকাৰৰ

আগৰতলা, 1 মাৰ্চ: ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই কয় যে, বিজ্ঞানক ব্যৱহাৰ কৰি ৰাজ্যখনৰ বিভিন্ন ব্যৱস্থাপনা আৰু উন্নয়নমূলক কাম সম্পাদন কৰাৰ প্ৰচেষ্টা কৰা হৈছে আৰু জৈৱিক কৃষিপামৰ জৰিয়তে উৎপাদন বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে ত্ৰিপুৰা ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদে আয়োজন কৰা এক অনুষ্ঠান উদ্বোধন কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয় (Deputy Chief Minister of Tripura Jishnu Dev Verma)।

বিজ্ঞান সাধাৰণ লোকৰ কল্যাণৰ বাবে আৰু চৰকাৰে বিজ্ঞানক জনসাধাৰণৰ ওচৰলৈ লৈ যাবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰাৰ উপৰিও উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে জৈৱিক কৃষিপামৰ জৰিয়তে উৎপাদন বৃদ্ধিৰ প্ৰতি বিশেষ মনোযোগ দি আহিছে ৷

"ত্ৰিপুৰাৰ সৈতে বিজ্ঞানৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে যিহেতু ত্ৰিপুৰাৰ সৈতে জগদীশ চন্দ্ৰ বসুৰ ভাল সম্পৰ্ক আছিল (Jagadish Chandra Bose relations with Tripura)। সেয়েহে, বিজ্ঞানক ব্যৱহাৰ কৰি ত্ৰিপুৰাৰ বিভিন্ন ব্যৱস্থাপনা আৰু বিকাশক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰা হৈছে । চৰকাৰে বিজ্ঞানক গাঁওসমূহলৈ লৈ যোৱাৰ চেষ্টা কৰি আছে (Tripura government trying to take science to the village)। কাৰণ গাওঁসমূহত এতিয়াও অন্ধ বিশ্বাস আছে । গতিকে মানুহৰ মাজৰ পৰা এই অন্ধবিশ্বাস আঁতৰ কৰা বাবে বিজ্ঞানক গাঁৱলৈ লৈ যাব লাগিব ।" এনেদৰেও কয় উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীৰ কুশল কামনাৰে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details