নিউজ ডেস্ক,৭মাৰ্চ: সন্মুখত ত্ৰিপুৰাৰ পৰিষদৰ নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাত । শাসকীয় দল বিজেপি, আইটিএফচটি আৰু অন্যান্য দলসমূহে প্ৰাক নিৰ্বাচনী সমাধান সূত্ৰ বিচাৰি থকাৰ মাজতে বাওঁপন্থী মিত্ৰজোঁট দলে প্ৰথমে প্ৰকাশ কৰিলে প্ৰথমখন নিৰ্বাচনী তালিকা । শনিবাৰে প্ৰকাশ কৰা তালিকাখনকলৈ এতিয়া সকলোৰে মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখা গৈছে কিয়নো ২৮ জনীয়া তালিকাত প্ৰায় খিনিয়ে নতুন মুখৰ ব্যক্তি । ২৮ গৰাকীৰ ভিতৰত ১৭ গৰাকী নতুন প্ৰাৰ্থী আৰু সৰহ সংখ্যকৰে বয়স ৫০ বছৰৰ তলৰ ।
বাওঁপন্থী দলৰ আহ্বায়ক বিজন ধৰে জনোৱা মতে দলৰ পূৰ্বৰ নেতাসকলৰ কাম কাজৰ বিস্তৃতভাৱে নিৰীক্ষণ কৰি নতুনসকলক অগ্ৰাধিকৰা দিয়া হৈছে । প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাক এইবাৰ গুৰুত্ব দিয়া হৈছে আৰু সকলোবোৰ প্ৰাৰ্থীয়ে বাওঁপন্থী ৰাজনৈতিক পটভূমিৰ বুলি মন্তব্য কৰে । তদুপৰি ২৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী অধিবক্তাসহ চাৰিগৰাকীয়ে মহিলা প্ৰাৰ্থী । মিত্ৰজোঁটৰ চিপিআইএম দলৰ সৰ্বাধিক ২৫ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে আৰএছপি,চিপিআই আৰু ফৰৱাৰ্ড ব্লকৰ দৰে দলে ১ জনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । টিটিএএডিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰাধাচৰণ দেৱবৰ্মাই জিৰনিয়া সমষ্টিৰ পৰা টিকট লাভ কৰে আনহাতে লক্ষণীয়ভাৱে টিকট লাভৰ পৰা বঞ্চিত হ'ল বাওঁ শাসিত টিটিএএডিচিৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত দেৱবৰ্মা ।