অসম

assam

By

Published : Jun 8, 2022, 8:21 AM IST

ETV Bharat / bharat

Tripura By-election : বিজেপিৰ ৰেলীত অংশগ্ৰহণ কৰা আৰক্ষী বিষয়াক নিলম্বনৰ দাবী চি পি আই এমৰ

বিজেপিৰ সমদলত অংশগ্ৰহণ কৰি শ’লঠেকত পৰিল এগৰাকী আৰক্ষী বিষয়া ৷ উপ-আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰি তেওঁক নিলম্বন কৰিবলৈ মুখ্য নিৰ্বাচনী বিষয়ালৈ চিঠি প্ৰদান চি পি আই এমৰ(Tripura CPIM demands suspension of Police officer) ৷

SP Satyajit Debnath participated in BJP rally
SP Satyajit Debnath participated in BJP rally

আগৰতলা, 8 জুন : ত্ৰিপুৰাত বিধানসভা উপ-নিৰ্বাচনৰ প্ৰচাৰ (Tripura By-election)তুংগত ৷ সোমবাৰে বিজেপি দলে প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক আদৰণি জনোৱাৰ বাবে আয়োজন কৰা এক সমদলত এগৰাকী উপ-আৰক্ষী অধীক্ষকে অংশগ্ৰহণ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চি পি আই এমে ৷ উপ আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰি তেওঁক নিলম্বন কৰিবলৈ মঙলবাৰে মুখ্য নিৰ্বাচনী বিষয়ালৈ চিঠি প্ৰদান কৰে বিৰোধী দলটোৱে (Tripura CPIM demands suspension of Police officer) ৷

চি পি আই এমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে এই ঘটনা সন্দৰ্ভত কয় যে, সোমবাৰে এক বাতৰিত প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ অভ্যৰ্থনা ৰেলীত এখন ফটো প্ৰকাশ কৰা হৈছে (SP Satyajit Debnath participated in BJP rally) । সেই ফটোখনত বিমানবন্দৰৰ পৰা আগৰতলালৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ সময়তে উপ আৰক্ষীক অধীক্ষক সত্যজিৎ দেৱনাথক বিজেপিৰ ৰেলীত কৰ্মীসকলৰ পিছফালে বিজেপিৰ পতাকা লৈ বাইকত বহি অংশগ্ৰহণ কৰা পৰিলক্ষিত কৰা হয় ৷

চি পি আই এমে প্ৰদান কৰা পত্ৰখনত উল্লেখ কৰে, "এই বাতৰিটোৱে নিৰ্বিবাদে প্ৰমাণ কৰে যে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে আৰক্ষীৰ এটা অংশকো গেৰুৱা কৰি ৰাখিছে (BJP government has saffronized a section of the police), যাৰ ভিতৰত একাংশ আৰক্ষী বিষয়াও অন্তৰ্ভুক্ত আছে ৷"

উক্ত পত্ৰখনত উপ আৰক্ষীক সত্যজিৎ দেৱনাথক ততালিকে চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে বিষয়াগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ বাবে নিৰ্দিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈ আহ্বান জনায় দলটোৱে ৷

লগতে পঢ়ক :Tripura By Election : মহিলাক প্ৰাৰ্থিত্ব প্ৰদানৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details