অসম

assam

By

Published : Jun 4, 2022, 5:20 PM IST

ETV Bharat / bharat

বিজেপিৰ প্ৰতি পক্ষপাতিত্বমূলক আচৰণ আৰক্ষী অধীক্ষকৰ : জাঙুৰ খাই উঠিল CPIM

ত্ৰিপুৰা আৰক্ষীৰ আজৱ কাণ্ড । আৰ এছ এছৰ মহিলাক প্ৰশিক্ষণ দিবলৈ পশ্চিম ত্ৰিপুৰা আৰক্ষীয়ে প্ৰেৰণ কৰিলে কনিষ্টবলক (Tripura police constable instructed to train RSS women)। বিজেপিৰ প্ৰতি পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে । মুখ্য সচিবলৈ চিপিআই (এম) দলে পত্ৰযোগে আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

Tripura CPIM
বিজেপিৰ প্ৰতি পক্ষপাতিত্বমূলক আচৰণ আৰক্ষী অধীক্ষকৰ

আগৰতলা,৪ জুন :ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয়ত মহিলাসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিবলৈ আৰক্ষী কনিষ্টবলক নিৰ্দেশ দি বিপদত পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক (Tripura police constable instructed to train RSS women)। আৰক্ষী অধীক্ষক বি জে ৰেড্ডীক বিভিন্ন মহলত সমালোচনা কৰা দেখা গৈছে । আৰ এছ এছৰ কাৰ্যালয়লৈ এগৰাকী আৰক্ষীক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা কাৰ্যক লৈ এইবাৰ ক্ষোভিত হৈ পৰিছে বিৰোধী দল চিপিআই(এম) । আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গোচৰ ৰুজু কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক অনুৰোধ জনাইছে দলটোৱে (CPIM demands probe against superintendent of police)।

উল্লেখ্য যে যোৱা ২৪ মে'ত খাইৰপুৰৰ তুলাকোনাত থকা 'ৰাষ্ট্ৰীয় সেৱা ধাম'ত ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে আয়োজন কৰিছিল মহিলাসকলৰ এক বিশেষ প্ৰশিক্ষণ শিবিৰ । য'ত প্ৰায় ৬০ গৰাকী মহিলাক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়া হৈছিল । কিন্তু আচৰিত কথাটো হ'ল যে সেই প্ৰশিক্ষণ দিছিল ৰাজ্যখনৰ এগৰাকী মহিলা কনিষ্টবলে ।

হিন্দুত্ববাদী সংগঠন হিচাপে জনাজাত আৰ এছ এছৰ কাৰ্যালয়লৈ এনেদৰে আৰক্ষীৰ লোকক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা কাৰ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে চিপিআই(এম) দলে । জানিব পৰা মতে পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক বি জে ৰেড্ডীয়ে কনিষ্টবলগৰাকীক সেই প্ৰশিক্ষণ দিবলৈ নিৰ্দেশ দিছিল । যাৰ বাবে আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত চিপিআইএম দলে ৰাজ্যৰ মুখ্য সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে । লগতে আহি থকা উপ-নিৰ্বাচন সম্পৰ্কীয় সকলো দায়িত্বৰ পৰা তেওঁ আঁতৰাই দিবলৈও আহ্বান জনায় ।

চিপিআই(এম) দলৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে পত্ৰখনত উল্লেখ কৰা মতে আৰক্ষী অধীক্ষকে জাৰী কৰা ৰেডিঅ' বাৰ্তাৰ প্ৰতিলিপি পত্ৰখনত সংলগ্ন কৰি দিছে । চিপিআইএম নেতাগৰাকীয়ে উল্লেখ কৰা মতে আগৰতলাৰ সমীপত থকা সেই ৰাষ্ট্ৰীয় সেৱা ধাম আৰ এছ এছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় । যিটো সংগঠনক শাসকীয় বিজেপিৰ মূল সংগঠন বুলি জনা যায় ।

আৰ এছ এছৰ মুৰব্বী মোহন ভগাবত ত্ৰিপুৰা ভ্ৰমণলৈ আহিলেও ৰাষ্ট্ৰীয় সেৱা ধামতে থাকে । আনহাতে প্ৰশিক্ষণৰ কাৰ্যসূচী আয়োজন কৰা ৰাষ্ট্ৰ সেৱিকা সমিতি বিজেপিৰ অধীনৰ মহিলা শাখা বুলিও জনা যায় । তেনে ক্ষেত্ৰত এগৰাকী কনিষ্টবলক প্ৰশিক্ষণ দিবলৈ নিৰ্দেশ জাৰী কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে শাসনাধিষ্ঠিত বিজেপিৰ প্ৰতি তেওঁৰ পক্ষপাতিত্ব উন্মোচন কৰিছে (West Tripura SP behaves biasedly towards BJP) বুলি অভিযোগ কৰে চিপিআই(এম)ৰ নেতাগৰাকীয়ে ।

ইয়াৰ দ্বাৰা বিজেপিয়ে ৰাজ্যখনত সংঘটিত কৰা হিংসাত্মক ঘটনাৰো আৰক্ষী অধীক্ষকগৰাকীয়ে পৃষ্ঠপোষকতা কৰিছে বুলি অভিযোগ কৰে । আৰক্ষী অধীক্ষকৰ দৰে এক গুৰুত্বপূৰ্ণ পদত থাকি এনেধৰণৰ কাম কৰাটো অশোভনীয় বুলিও নেতাগৰাকীয়ে অভিযোগ কৰে । সেয়েহে আৰক্ষী অধীক্ষক বি জে ৰেড্ডীক নিৰ্বাচন সম্পৰ্কীয় সকলো দায়িত্বৰ পৰা আঁতৰ কৰাৰ লগতে পক্ষপাতিত্ব ভূমিকাৰ বিৰুদ্ধে মুখ্য সচিবক তদন্ত কৰিবলৈও আহ্বান জনায় চিপিআই (এম) দলে ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ প্ৰতিটো ভোটকেন্দ্ৰকে অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰাৰ আহ্বান CPI(M)ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details