আগৰতলা, 16 মে’ :ত্ৰিপুৰা বিধানসভাৰ বিৰোধী দল চিপিআই(ম) এ দেওবাৰে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী মানিক সাহাৰ শপত গ্ৰহণ অনুষ্ঠান(Tripura new CM oath taking ceremony) বৰ্জন কৰে ৷ ৰাজ্য়খনত গণতন্ত্ৰক হত্যা কৰা আৰু ফেচিবাদী শাসন চলোৱাৰ অভিযোগ তুলি শপত গ্ৰহণ অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লয় বিৰোধী দলটোৱে ৷ এখন সংবাদমেলত চিপিআই(এম)ৰ দলীয় সূত্ৰই কয় যে, ফেচিবাদী হিংসাৰে বিৰোধী দলক আক্ৰমণ, গণতান্ত্ৰিক অধিকাৰৰ পৰা জনতাক বঞ্চিত কৰা, নগাৰিকৰ অধিকাৰ খৰ্ব কৰা, ভোটাধিকাৰ খৰ্ব কৰা, সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, একনায়কত্ববাদ আদিবোৰ ঘটনাৰ বাবে দলটোৱে এই শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰিছে (CPIM against Tripura Government) ৷
তেওঁলোকে আৰু কয় যে, বিদ্যুৎ যোগান, জলসিঞ্চন, অনুন্নত যাতায়ত ব্যৱস্থা, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ ব্যাপক অনিয়ম, সামগ্ৰীৰ মূল্যবৃদ্ধি, অবাধ দুৰ্নীতি আদিৰ প্ৰতিবাদ জনায় চিপিআই(এম) দলে এই সিদ্ধান্ত লৈছে (CPIM alleges on BJP of corruption)৷ দলীয় সূত্ৰই প্ৰকাশ কৰে যে, বিজেপি চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত হঠাৎ এইদৰে মুখ্যমন্ত্ৰী সলনি কৰা কাৰ্যই প্ৰকৃততে দলটোৰ ব্যৰ্থতাক উদঙাই দিছে ৷