অসম

assam

By

Published : Jun 8, 2022, 7:32 AM IST

ETV Bharat / bharat

Tripura By-election : দলীয় কৰ্মীক আক্ৰমণৰ বিৰুদ্ধে ৰাজপথত উত্তাল প্ৰতিবাদ চি পি আই এমৰ

ত্ৰিপুৰাৰ বিধানসভা উপ-নিৰ্বাচন (Tripura By-election) চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰৰ লগতে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হ’বলৈ ধৰিছে ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে পতাকা উত্তোলন কৰি থকাৰ সময়ত চি পি আই এমৰ দলীয় পতাকাত হাত দিয়াৰ লগতে কৰ্মীসকলৰ ওপৰত বিজেপি সমৰ্থিত বাইক আৰোহীয়ে আক্ৰমণ কৰাৰ অভিযোগ (CPIM workers allegedly attack by BJP-backed miscreants) ।

tripura-cpim-blockades-vip-road-after-party-workers-came-under-attack
tripura-cpim-blockades-vip-road-after-party-workers-came-under-attack

আগৰতলা, 8 জুন : সমাগত ত্ৰিপুৰা বিধানসভা উপ নিৰ্বাচন (Tripura By-election)৷ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰৰ লগতে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ মঙলবাৰে চি পি আই এমৰ কৰ্মীসকলে ঘৰে ঘৰে উপ-নিৰ্বাচনী প্ৰচাৰৰ বাবে পতাকা উত্তোলন কৰি থকাৰ সময়ত দলীয় পতাকাত হাত দিয়াৰ লগতে কৰ্মীসকলৰ ওপৰত বিজেপি সমৰ্থিত বাইক আৰোহীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয় (CPIM workers allegedly attack by BJP-backed miscreants) ।

ইয়াৰ পিছতে চি পি আই এম দলৰ নেতাসকলে আগৰতলাৰ ভি আই পি পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Tripura CPIM blockades VIP road ) ৷ প্ৰতিবাদৰ ফলত মঙলবাৰে পুৱা পথটোত যান-বাহন চলাচল ব্যাহত হৈ পৰে ৷ প্ৰাক্তন সাংসদ তথা ভাৰতীয় ট্ৰেড ইউনিয়ন কেন্দ্ৰৰ সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ দত্তই সংবাদমাধ্যমক জনায় যে, নিৰ্বাচনৰ সকলো নিয়ম অনুসৰণ কৰি বাওঁ মৰ্চাৰ কৰ্মী আৰু নেতাসকলে মহানগৰৰ আগৰতলাৰ ৰাধানগৰ অঞ্চল আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহত দলীয় পতাকা উত্তোলন কৰি থকাৰ সময়তে বিজেপি সমৰ্থিত দুৰ্বৃত্তই নেতা আৰু কৰ্মীসকলক আক্ৰমণ কৰিছিল (Tripura CPIM workers came under attack)।

লগতে নেতাগৰাকীয়ে কয়, "আমাৰ দলৰ নেতা-কৰ্মীসকল আক্ৰমণৰ সন্মুখীন হোৱাৰ বাবে আমি পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছো । অহা 24 ঘণ্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ আমি আৰক্ষীক দাবী জনাইছো । আৰক্ষীয়ে অচিৰেই অপৰাধীক কৰায়ত্ত কৰিব বুলি আমাক আশ্বাস দিছে ৷ এইবাৰ যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত বিফল হয় তেন্তে আমি এক বৃহৎ প্ৰতিবাদ কৰিম । আগন্তুক সময়ত নিৰ্বাচনৰ দিনত যদি এনে ধৰণৰ ঘটনা সংঘটিত হয় তেন্তে আমি পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু" ৷

নেতাগৰাকীয়ে আৰক্ষীয়ে এই বিষয়ত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাৰ তীব্ৰ সমালোচনা কৰি কয় "আমি আমাৰ প্ৰতিবাদৰ সময়ত শিক্ষাৰ্থী আৰু ৰোগীসকলক বাধা দিয়া নাছিলো । আমি নিবিচাৰো যে, জনসাধাৰণ আমাৰ বাবে কোনোধৰণৰ সমস্যাৰ সন্মুখীন হওক । আমি বিচাৰো যে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি অহা আৰক্ষীয়ে আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে কাম কৰা উচিত ৷ আৰক্ষীয়ে আমাক আশ্বাস দিয়াৰ বাবে আমি আমাৰ প্ৰতিবাদ উঠাই লৈছো আৰু যদি তেওঁলোক বিফল হয় তেন্তে আমি পুনৰ প্ৰতিবাদত বহিম’’ ৷

লগতে চাওক :Tripura By Election : মহিলাক প্ৰাৰ্থিত্ব প্ৰদানৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details