নেশ্যনেল ডেস্ক, ১২ মে': সোমবাৰে নিশা ত্ৰিপুৰাৰ জিলাৰ অম্বাচা ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকী ক'ভিড ৰেগীৰ । পাচত আৰক্ষীৰ তৎপৰতাত স্থানীয় ৰে’ল ষ্টেচনৰ পৰা ৭ জনক আটক কৰিবলৈ সক্ষম হয় । বুধবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ক'ভিড কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ পূৰ্বে সংঘটিত এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে ।
উল্লেখ্য যে, যোৱা ৭ মে'ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৬২ জন প্ৰব্ৰজনকাৰী শ্ৰমিকে ৰে’লযোগে আম্বাচাত উপস্থিত হৈছিল । আটাইকেইগৰাকীৰে ক’ভিড পৰীক্ষা কৰা সম্পন্ন কৰা হৈছিল । ইয়াৰে আটাইকেইগৰাকীৰে দেহত মহমাৰী ক'ভিডৰ অৱস্থিতি ধৰা পৰিছিল ।
ত্ৰিপুৰাৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকীৰ, আটক ৭ আটাইকেইজনকে চিকিৎসাৰ বাবে পিআৰটিআই ভৱনত ৰখা হৈছিল । কিন্তু, সোমবাৰে নিশা প্ৰায় ১ মান বজাত ২৫ জন ৰোগীয়ে লোহাৰ গ্ৰীলৰ প্ৰৱেশদ্বাৰ ভাঙি ভৱনটোৰ পৰা পলায়ন কৰে । পাচত পুৱা এই কথা গম পোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।
ত্ৰিপুৰাৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকীৰ, আটক ৭ ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে আৰক্ষী প্ৰশাসনৰ সকলো উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকৰ তৎপৰতাত স্থানীয় ৰে’ল ষ্টেচনৰ পৰা ৭ জনক আটক কৰিবলৈ সক্ষম হয় । আন ১৮ গৰাকী বৰ্তমানেও সন্ধানহীন । তেওঁলোকে ইতিমধ্য ত্ৰিপুৰাৰ পৰা অন্য ৰাজ্যলৈ গমন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । আনহাতে, একেটা মহকুমাত অৱস্থিত নেপালটিলা অঞ্চলত ২০০ জন প্ৰব্ৰজনকাৰী শ্ৰমিকক ক'ভিড পৰীক্ষাৰ বাবে ৰখাই থোৱাৰ পৰাই পলায়ন কৰে ।
লগতে পঢ়ক: ত্ৰিপুৰাৰ হত্যাকাণ্ডক লৈ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাত ক্ষুদ্ধ ৰাইজ