অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ, নতুনকৈ আক্ৰান্ত ২৬ গৰাকী - Tripura Covid

ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা মতে ৰাজ্যখনত পুনৰ ২৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । নতুনকৈ সংক্ৰমিত ব্যক্তিসকলৰ ভিতৰত চাৰিজন স্থানীয় কনিষ্ঠ চিকিৎসক, স্বাস্থ্য কৰ্মচাৰী আৰু এগৰাকী গৰ্ভৱতী মহিলাও আছে ।

ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ,নতুনকৈ আক্ৰান্ত ২৬ গৰাকী
ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ,নতুনকৈ আক্ৰান্ত ২৬ গৰাকী

By

Published : Feb 20, 2021, 1:27 PM IST

নিউজ ডেস্ক,২০ ফেব্ৰুৱাৰী:দীৰ্ঘদিনৰ অন্তত ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ । ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জনোৱা মতে ৰাজ্যখনত পুনৰ ২৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । বিভাগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ৫৮১ টা নমুনা পৰীক্ষা কৰা হৈছিল য'ত ৯ টা নমুনাত শুকুৰবাৰে সন্ধিয়ালৈকে পজিটিভ পোৱা গৈছিল । অৱশ্যে পৰৱৰ্তী সময়ত পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে নিশ্চিত কৰে যে আক্ৰান্তৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে ।

ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ,নতুনকৈ আক্ৰান্ত ২৬ গৰাকী

জানিব পৰা মতে নতুনকৈ সংক্ৰমিত ব্যক্তিসকলৰ ভিতৰত চাৰিজন স্থানীয় কনিষ্ঠ চিকিৎসক, কিছুসংখ্যক স্বাস্থ্য কৰ্মচাৰী আৰু এগৰাকী গৰ্ভৱতী মহিলাও আছে । আক্ৰান্ত সকলক ইতিমধ্যে ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু ড৹ বি আৰ আম্বেদকাৰ মেম'ৰিয়েল হাস্পতালত ভৰ্তি কৰোৱা হৈছে । চিকিৎসক আৰু স্বাস্থ্যকৰ্মী আক্ৰান্ত হোৱাৰ লগে লগে পশ্চিম ত্ৰিপুৰাত অধিক সংক্ৰমণৰ আশংকাত পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে চিকিৎসালয়ৰ বাহিৰৰ সেৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে । জিলা দণ্ডাধীশৰ মতে যোৱা দুটা দিনত অৰ্থাৎ ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত ৰাজ্যখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।

আনহাতে ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী আৰু ড০ বি আৰ আম্বেদকাৰ মেম'ৰিয়েল টিচিং হাস্পতালৰ কৰ্মচাৰীসকলৰ মাজত ক'ভিডৰ-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে নিয়মীয়া অ'পিডি সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । জানিব পৰা মতে, আক্ৰান্তসকলৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে ।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এক বিবাহ অনুষ্ঠানৰ পৰা কৰ'ণাৰ সংক্ৰমণ আৰম্ভ হৈছিল । ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ কথাটো হ'ল বছৰৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে অতি কম সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হৈছে যদিও ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় বৰ্তমান কৰ'ণাৰ হটস্পটলৈ পৰিণত হৈছে ।

লগতে পঢ়ক:মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম মহিলা গৰাকী

ABOUT THE AUTHOR

...view details