অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ - covid cases increse at tripura medical college

ত্ৰিপুৰাত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু ড০ বি আৰ আম্বেদকাৰ মেমৰিয়েল টিচং হাস্পতালত আক্ৰান্তৰ সংখ্যা ৩১ টালৈ বৃদ্ধি হ'ল । আগৰতলাৰ আইএলএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা এজন ৰোগীৰ বাহিৰে সকলো ৰোগীক হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে ।

ত্ৰিপুৰাত কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ
ত্ৰিপুৰাত কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ

By

Published : Feb 20, 2021, 6:58 PM IST

নিউজ ডেস্ক.২০ ফেব্ৰুৱাৰী:ত্ৰিপুৰাত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় আৰু ড০ বি আৰ আম্বেদকাৰ মেমৰিয়েল টিচং হাস্পতালত আক্ৰান্তৰ সংখ্যা ৩১ টালৈ বৃদ্ধি হ'ল । চিকিৎসালয়খনৰ অধীক্ষক অৰিন্দম দত্তই শনিবাৰে জনোৱা মতে আগৰতলাৰ আইএলএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা এজন ৰোগীৰ বাহিৰে সকলো ৰোগীক হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে ।

বিগত দুটা দিনত হাস্পতালখনৰ চিকিৎসক, নাৰ্চ আৰু আন পদত নিযুক্ত লোকৰ ২৮ জন কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ ভাইৰাছ ধৰা পৰিছে । প্ৰসূতি বিভাগৰ একাংশ ৰোগীকো এই ভাইৰাছত আক্ৰান্ত হৈছে ।

জিলা দণ্ডাধীশ কাৰ্যালয়ৰ পৰা শেহতীয়াকৈ দিয়া নিৰ্দেশনা অনুসৰি চিকিৎসালয়খনত অ'পিডি সেৱা বন্ধ থকা বুলি উল্লেখ কৰে অধীক্ষক গৰাকীয়ে । তেওঁ লগতে দুখ প্ৰকাশ কৰি কয় যে ক'ভিড-১৯ ৰ স্বাস্থ্যবিধি মানুহে লাহে লাহে পালন কৰিবলৈ এৰিলে যাৰ বাবে এনেদৰে পুনৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।

লগতে পঢ়ক:অৰ্থনীতিৰ দ্ৰুত বিকাশৰ বাবে উদ্যোগসমূহলৈ বিত্ত মন্ত্ৰীৰ বিশেষ আহ্বান

ABOUT THE AUTHOR

...view details