অসম

assam

ETV Bharat / bharat

মাস্ক আৰু সামাজিক দূৰত্বৰ উলংঘনত জৰিমনা আৰোপ ত্ৰিপুৰা চৰকাৰৰ - আইপিচিৰ ধাৰা ১৮৮

ত্ৰিপুৰা চৰকাৰে ক’ভিড 19ৰ ক্ষেত্ৰত গ্ৰহণ কৰিলে কঠোৰ পদক্ষেপ ৷ ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামুলক কৰাৰ লগতে নিয়ম উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা ৷

tripura-covid-restrictions
মাস্ক আৰু সামাজিক দূৰত্বৰ উলংঘনত জৰিমনা আৰোপ ত্ৰিপুৰা চৰকাৰৰ

By

Published : Mar 31, 2021, 7:32 PM IST

আগৰতলা,31মাৰ্চ: ক'ভিড ১৯ ৰ সংখ্যা আকৌ বৃদ্ধি পোৱাত ত্ৰিপুৰা চৰকাৰে মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে । মঙলবাৰে ত্ৰিপুৰাৰ মুখ্য সচিবে জাৰী কৰা আদেশৰ মতে "ৰাজহুৱা বা কৰ্মস্থানত আৰু গাড়ী চলাই থাকোঁতে মুখত যিকোনো কাপোৰ লগোৱা বা মাস্ক পিন্ধাটো বাধ্যতামূলক" । ৰাজহুৱা আৰু ব্যক্তিগত পৰিবহনত সামাজিক দূৰত্ব মানি চলাৰ লগতে আদেশটোত অবৈজ্ঞানিক সমাবেশৰ ওপৰতো নিষেধাজ্ঞা জাৰী ।

স্বেচ্ছাসেৱকৰ জৰিয়তে দোকানবোৰত অত্যাধিক ভিৰ পৰিহাৰ কৰি উপযুক্ত সামাজিক দূৰত্ব বজাই ৰাখি পৰিচালনা কৰিব দিয়াৰ লগতে এক মিটাৰতকৈ কম ফ্ৰণ্টেজ থকা দোকানবোৰত এবাৰত কেৱল এজন ব্যক্তিক অনুমতি, ফ্ৰণ্টেজ 1 (এক) বা অধিক কিন্তু 2 (দুই) মিটাৰতকৈ কম, দুজন ব্যক্তিক এবাৰত অনুমতি দিয়া হ'ব । বাকী থকা লোকসকল শাৰীতে এক মিটাৰ দূৰত্ব মানি চলি পিছফালে থিয় হ'ব পাৰে । ইয়াৰ লগতে দোকানীসকলেও মাস্ক পিন্ধাটো বাধ্যতামূলক । এলেকাৰ দৈনিক চেনিটাইজেচন কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে ত্ৰিপুৰা চৰকাৰে ।

যদি কোনোবাই সুৰক্ষা প্ৰট’কল অনুসৰণ নকৰে তেন্তে ভৰিব লাগিব জৰিমনা । মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব প্ৰথম উলংঘনত ২০০ টকা আৰু দ্বিতীয় উলংঘনত ৪০০ টকাৰ জৰিমনা ।

সামাজিক দূৰত্বৰ ক্ষেত্ৰত, ৰাজহুৱা আৰু ব্যক্তিগত পৰিবহনত সামাজিক দূৰত্ব নামানিলে ভৰিব লাগিব 1000 টকাৰ জৰিমনা, আৰু দোকানৰ সন্মুখত গ্ৰাহকসকলৰ মাজত সামাজিক দূৰত্ব নিশ্চিত নকৰা আৰু গৃহ সংৰক্ষণ নিয়ম উলংঘন কৰাৰ বাবে জৰিমনা আৰোপ কৰা হৈছে ৷

আদেশটোত "তদুপৰি, নিয়মাৱলী উলংঘন কৰা যিকোনো ব্যক্তি, প্ৰতিষ্ঠান, সংগঠনে আইপিচিৰ ধাৰা ১৮৮ ৰ অধীনত শাস্তিযোগ্য অপৰাধ কৰা বুলি গণ্য কৰা হ'ব", বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :ক'ভিড ভেকচিন গ্ৰহণৰ পাচতে বৰপেটাত যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details