আগৰতলা, 23 নৱেম্বৰ : জামিন লাভ কৰিলে তৃণমূল কংগ্ৰেছৰ নেত্ৰী চায়নি ঘোষে( Saayoni Ghosh got bail) ৷ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰিলে তৃণমূল কংগ্ৰেছৰ যুৱ মৰ্চাৰ সভাপতি চায়নি ঘোষক(TMC youth president Saayoni Gosh) ৷ ভাৰতীয় দণ্ড বিদি আইনৰ 153, 153 (A), 506, 307 আৰু 120 (B) ধাৰাৰ অধীনত পূৱ আগৰতলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চায়নিক( East agartala police arrestred Sayoni Gosh) ৷ সংবাদ মাধ্যমৰে হোৱা কথোপকথনত চায়নি ঘোষৰ অধিবক্তা শংকৰ লোধে এই কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :Tripura Violence : গৃহ মন্ত্ৰণালয়ৰ সন্মুখত TMC সাংসদৰ প্ৰতিবাদ
সোমবাৰে চয়নি ঘোষক অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল(Saayoni was produced before the Addl CJM of Tripura) ৷ মুখ্য ন্যায়িক দণ্ডাধীশ সৌম্য বিকাশ দাসে 20 হাজাৰ টকাৰ জৰিমনাৰে চায়নিক জামিন প্ৰদান কৰে ৷ দণ্ডাধীশ গৰাকীয়ে কয় যে, তদন্তকাৰী বিষয়াক সহযোগিতা আগবঢ়াবৰ বাবে চায়নিক জামিন প্ৰদান কৰা হৈছে ৷
শংকৰ লোধে লগতে জানিবলৈ দিয়ে যে, আদালতত শুনানি গ্ৰহণৰ সময়ত 153(A) আৰু 307 সন্দৰ্ভত কোনো প্ৰমাণ পোৱা নগ’ল ৷ গতিকে আদালতে পদকীয়া পক্ষৰ উকিলৰ যুক্তি গ্ৰহণ কৰি জামিন মঞ্জুৰ কৰে ৷