আগৰতলা,১৯ আগষ্ট :ত্ৰিপুৰাত আইন শৃংখলা পৰিস্থিতিৰ (Law and order situation in Tripura) অৱনতি হোৱাৰ অভিযোগ কংগ্ৰেছ দলৰ । ইতিমধ্যে কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ অভিযোগ কৰাৰ উপৰিও বৃহস্পতিবাৰে বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মনে ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰে (Sudip Roy Barman meets DGP)। কংগ্ৰেছ নেতাগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে । লগতে একাংশ আৰক্ষীয়ে অপৰাধীক ৰঙা দলিচা পাৰি দিয়া বুলিও সঞ্চালক প্ৰধানগৰাকীক অৱগত কৰে ।
আগৰতলাৰ ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত ৰয় বৰ্মনে কয় যে তেওঁ ১৯৯৩ চনৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ভালদৰে জানে । সেয়ে তেওঁক ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ উদ্দেশ্যে আহিছে । অৱশ্যে এই সাক্ষাৎ অনানুষ্ঠানিক আছিল বুলি তেওঁ উল্লেখ কৰে ।