অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত চাকৰিৰ পৰা বঞ্চিত শিক্ষকক প্ৰাৰ্থিত্ব প্ৰদান - আম্পিনগৰৰ পৰা সঞ্জীৱ কালাই

ত্ৰিপুৰাত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত অন্তৰ্ভুক্ত হ'ল চাকৰিৰ পৰা বঞ্চিত শিক্ষকৰ নাম । শেহতীয়াকৈ নিযুক্তিৰ পৰা বঞ্চিত হোৱা ১০,৩২৩ গৰাকী শিক্ষকৰ ভিতৰত দুগৰাকী শিক্ষকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে ।

ত্ৰিপুৰাত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত অন্তৰ্ভুক্ত হ'ল চাকৰিৰ পৰা বঞ্চিত শিক্ষকৰ নাম
ত্ৰিপুৰাত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত অন্তৰ্ভুক্ত হ'ল চাকৰিৰ পৰা বঞ্চিত শিক্ষকৰ নাম

By

Published : Mar 9, 2021, 7:20 PM IST

নেশ্যনেল ডেস্ক, ৯ মাৰ্চ: ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ নিৰ্বাচনৰ বাবে মঙলবাৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পীযুষ বিশ্বাসে প্ৰাৰ্থী তাালিকা ঘোষণা কৰে । নিৰ্বাচনৰ পূৰ্বে আন দলৰ সৈতে মিত্ৰতা গঢ়ি তোলাত ব্যৰ্থ হোৱা কংগ্ৰেছে এইবাৰ অকলেই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ বিজয়ী হোৱাৰ দাবী কৰিছে । পীযুষ বিশ্বাসে প্ৰকাশ কৰা মতে, মুঠ ৮১ গৰাকী প্ৰাৰ্থীৰ নাম কংগ্ৰেছ দলৰ নিৰ্বাচন সমিতিক দাখিল কৰা হৈছিল যদিও পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰাৰ পিছত ২৮ গৰাকী প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে ।

এতিয়া, দলটোৱে পূৰ্ণগতিত প্ৰচাৰ অভিযান চলাবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে । কিছুমান সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰসংগত তেওঁ কয় যে, আম্পিনগৰৰ পৰা সঞ্জীৱ কালাইক দলে মনোনীত কৰিছিল । সঞ্জীৱ কালাই পূৰ্বে আইপিএফটি গাঁও সমিতিৰ অধ্যক্ষ আছিল । শেহতীয়াকৈ তেওঁ কংগ্ৰেছ দলত যোগদান কৰে আৰু দলে প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ উপৰিও আমতালি-গোলাঘাটীৰ পৰা শ্য়ামলাল দেৱবাৰ্মা আৰু আৰু কিল্লা-বাগমা এডিচি সমষ্টিৰ পৰা ৰত্নসাধন জামাতিয়াক মনোনীত কৰা হৈছে ৷ এই প্ৰাৰ্থী দুগৰাকী নিযুক্তিৰ পৰা বঞ্চিত হোৱা ত্ৰিপুৰাৰ ১০,৩২৩ জন শিক্ষকৰ ভিতৰৰ আছিল ।

ত্ৰিপুৰাত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত অন্তৰ্ভুক্ত হ'ল চাকৰিৰ পৰা বঞ্চিত শিক্ষকৰ নাম

ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে, কেৱল এগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । নিৰ্বাচনৰ মুখ্য বিষয় সন্দৰ্ভত তেওঁ কয় যে, কংগ্ৰেছ হৈছে একমাত্ৰ দল, যিয়ে জাতীয় সংগঠনৰ স্বাৰ্থৰ প্ৰতি চিন্তা কৰে । লগতে দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ বাবে কাম কৰি আছে বুলিও তেওঁ মন্তব্য কৰে । এইবাৰ নিৰ্বাচনৰ দিনটো অৰ্থাৎ ৪ এপ্ৰিল ইষ্টাৰ দেওবাৰ হোৱা বাবে কংগ্ৰেছে নিৰ্বাচন স্থগিত কৰাৰ দাবী কৰিছিল ।

লগতে পঢ়ক: ভাৰ্চুৱেল মাধ্যমেৰে মৈত্ৰী সেঁতু উদ্বোধন মোডী-হাছিনাৰ

ABOUT THE AUTHOR

...view details