অসম

assam

By

Published : Apr 18, 2021, 7:25 AM IST

ETV Bharat / bharat

বিজেপি-চিপিআইএমৰ বিৰুদ্ধে কংগ্ৰেছকৰ্মীক আক্ৰমণৰ অভিযোগ

বিজেপি আৰু চিপিআইএমৰ বিৰুদ্ধে ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলৰ কৰ্মীসকলৰ ওপৰত দলবদ্ধ আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পীযুষ বিশ্বাসে উত্থাপন কৰিছে এই অভিযোগ ৷

Tripura Congress accuses BJP-CPIM of assaulting party workers
বিজেপি-চিপিআইএমৰ বিৰুদ্ধে কংগ্ৰেছকৰ্মীক আক্ৰমণৰ অভিযোগ

আগৰতলা, 18 এপ্ৰিল : ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পীযুষ বিশ্বাসে শনিবাৰে বিজেপি আৰু চিপিআইএমৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলৰ কৰ্মীসকলৰ ওপৰত দলবদ্ধ আক্ৰমণ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰে । পীযুষ বিশ্বাসে অভিযোগ উত্থাপন কৰি কয় যে, ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পীযুষ বিশ্বাসে শনিবাৰে বিজেপি আৰু চিপিআইএমৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলৰ কৰ্মীসকলৰ ওপৰত দলবদ্ধ আক্ৰমণ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰে ।

পীযুষ বিশ্বাসে অভিযোগ উত্থাপন কৰি কয় যে, সদ্য সমাপ্ত টিটিএএডিচি নিৰ্বাচনত ৰাজ্যখনৰ জনসাধাৰণৰ পৰা প্ৰত্যাখ্যানৰ সন্মুখীন হৈ দুয়োটা দলৰ স্থানীয় পৰ্যায়ৰ কৰ্মীসকল হতাশ হৈ পৰিছিল আৰু এই হতাশাৰ প্ৰভাৱত কংগ্ৰেছ কৰ্মীসকলক আক্ৰমণ কৰা হৈছে ।

" ২০১৮ চনত চিপিআইএম ৰাজ্যৰ পৰা নিশ্চিহ্ন হৈ গৈছিল আৰু এতিয়া বিজেপিয়েও টিটিএএডিচি নিৰ্বাচনত ৰাজ্যখনৰ জনসাধাৰণৰ পৰা প্ৰত্যাখ্যানৰ সন্মুখীন হৈছে । এই পৰাজয়বোৰে দুয়োটা ৰাজনৈতিক শিবিৰত হতাশাৰ সৃষ্টি কৰিছে যাৰ ভিতৰত দুয়োটা দলৰ দুৰ্বৃত্তই ৰাজ্যখনৰ কেইবাটাও ঠাইত কংগ্ৰেছ দলৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ চলাইছে ", বিশ্বাসে কয় ।

লগতে পঢ়ক: ভাৰতীয় সেনাৰ তথ্য বিদেশী চোৰাংচোৱাক যোগান ধৰা এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details