অসম

assam

By

Published : May 19, 2021, 5:12 PM IST

ETV Bharat / bharat

ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছত ব্যাপক ৰদবদল আৰম্ভ

সদ্যসমাপ্ত টিটিএএডিচি নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলে এতিয়া নতুন মুখৰ সন্ধানত নামি পৰিছে ।

as_kam_tripura-cong-reshuffle_img
ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছত ব্যাপক ৰদবদল আৰম্ভ

নেশ্যনেল ডেস্ক, ১৯ মে': সদ্যসমাপ্ত টিটিএএডিচি নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলে এতিয়া দলটোক তৃণমূল পৰ্যায়লৈকে বিস্তাৰিত কৰিবলৈ সম্পূৰ্ণৰূপে উঠি পৰি লাগিছে । সম্প্ৰতি দলটোৱে নতুন মুখৰ সন্ধানত নামি পৰিছে ।

টিপিচিচি (ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটী)ৰ সূত্ৰই জনোৱা অনুসৰি, টিটিএএডিচিৰ ফলাফলৰ পিছত বিষয়টো অতি স্পষ্ট হৈ পৰিছে যে স্থানীয় পৰ্যায়ৰ নেতাসকলৰ একাংশই দলটোৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিল আৰু অতিৰিক্ত আসন লাভ কৰিবলৈ আন কোনো ৰাজনৈতিক শক্তিক নীৰৱে সহায় কৰিছিল ।

এআইচিচিৰ ভাৰপ্ৰাপ্ত কুলজিৎ সিংগা নাগ্ৰাই নিৰ্বাচনৰ ফলাফল সম্পৰ্কে এক বিতং তথ্য বিচাৰিছিল আৰু পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ পিছত এআইচিচিয়ে টিপিচিচিৰ দলৰ পদবী আৰু ব্যাপক ৰদবদলৰ বাবে জনোৱা দাবীক অনুমোদন জনায় । শেহতীয়াকৈ, ব্লক কংগ্ৰেছৰ তিনিজন সভাপতিক তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।

উল্লেখ্য যে তেওঁলোকৰৰ নতুনকৈ নিযুক্তি দিয়া হৈছিল । সম্ভৱত তেওঁলোকে আধিপত্য দখলৰ বাবে ব্যৰ্থ হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । অতিমাৰী সংকটকালৰ পৰিৱেশ কিছু সুস্থিৰ হ'লেই এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ব্যক্তিগতভাৱে ৰাজ্যখলনৈ আহিব আৰু দলটোৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰিব ।

লগতে পঢ়ক: অনাহাৰ মৃত্যুক ৰোধ কৰক...

ABOUT THE AUTHOR

...view details