আগৰতলা, 20 জানুৱাৰী : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বৃহস্পতিবাৰে গোমতী জিলাৰ বিভিন্ন বিদ্যালয়ত উপস্থিত হৈ ১৫-১৮ বছৰ বয়সৰ শিক্ষাৰ্থীসকলৰ মাজত চলি থকা বিশেষ তিনিদিনীয়া ক’ভিডৰ টীকাকৰণ শিবিৰসমূহ (Tripura CM visits school to inspect Covid vaccination campaign) পৰিদৰ্শন কৰে ৷
ইয়াৰ লগতে জিলাখনৰ উদয়পুৰ উপ-সংমণ্ডলস্থিত ত্ৰিপুৰা সুন্দৰী মন্দিৰ পৰিদৰ্শন কৰি দেশৰ 51 খন শক্তিপীঠৰ অন্যতম এই মন্দিৰ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই সন্দৰ্ভত দেৱে কয়, "ত্ৰিপুৰা সুন্দৰী মাৰ কৃপাৰ বাবেই আজি মই মন্দিৰটো ভ্ৰমণ কৰিবলৈ সক্ষম হৈছো । তাৰোপৰি মাৰ আশীৰ্বাদ আৰু প্ৰধানমন্ত্ৰী মোডীৰ সু-পৰিকল্পনাৰ বাবেই আমি শীঘ্ৰে ক’ভিড 19 ক ৰোধিবলৈ সক্ষম হ'ম"।
তদুপৰি গোমতী জিলাৰ মাতাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫-১৮ বছৰ বয়সৰ সকলো শিক্ষাৰ্থীৰ ক’ভিডৰ টীকাকৰণ সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷
"জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত চলি থকা টীকাকৰণ শিবিৰসমূহ পৰিভ্ৰমণৰ সময়ত মই বহু শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিছো ৷ শিক্ষানুষ্ঠানসমূহত তেওঁলোকে বিভিন্ন বিষয়ত শিকাৰ সুযোগ পাইছে । আমাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতি সংশোধনৰ লাভালাভ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে ভালদৰে অৱগত", বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷