আগৰতলা, 21 মে’:শাৰিৰীক সমস্যাত ভোগা ত্ৰিপুৰাৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক বাদল চৌধুৰী বিগত কিছুদিনৰে পৰা চিকিৎসাধীন অৱস্থাত আছে ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যে চিকিৎসালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ মানিক সাহা(Tripura CM visits hospital to check ailing former Health Minister) ৷ সাহাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷
অৱশ্যে পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, আইচিইউত থকা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ ৷ যাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বাদল চৌধুৰীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে চিকিৎসকসকলক ৷ ড৹ মাণিক সাহাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত আৰোগ্য কামনা কৰে ৷