অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত আহতৰ স্বাস্থ্য়ৰ বুজ ললে মানিক সাহাই - suspected TIPRA Motha supporter

সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা অৱস্থাত বিজেপি সদস্যক আক্ৰমণ(alleged attacks on BJP workers in Tripura)। উক্ত আক্ৰমণত ২০ জনতকৈও অধিক বিজেপি কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । এই ঘটনাত আহত হৈ জিবি পন্ত চিকিৎসালয়ত চিকিৎসাধীন কৰ্মীসকলৰ স্বাস্থ্য়ৰ বুজ লয়(GB Pant hospital in Tripura) মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ।

alleged attacks on BJP workers in Tripura
ত্ৰিপুৰাত আহতৰ স্বাস্থ্য়ৰ বুজ ললে মানিক সাহাই

By

Published : Aug 31, 2022, 2:19 PM IST

আগৰতলা, ৩১ আগষ্ট:বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৰাজহুৱা (BJP president JP Nadda)ৰেলীত অংশ ল'বলৈ অহাৰ সময়ত বিজেপি কৰ্মীক আক্ৰমণৰ ঘটনাত জড়িতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঃমানিক সাহাই (Tripura CM Dr Manik Saha) আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ (TTAADC) খুমুলৱঙৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৰাজহুৱা ৰেলীত অংশ ল'বলৈ অহাৰ সময়ত ২০ জনতকৈ অধিক বিজেপি কৰ্মীক আক্ৰমণৰ কৰাৰ ঘটনা সংঘটিত হৈছিল ।

উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতে ইয়াৰে সৈতে জড়িত যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক মুখ্যমন্ত্ৰী ডাঃ সাহাই নিৰ্দেশ দিয়ে । উল্লেখ্য় যে সন্দেহযুক্ত টিপ্ৰা মোথা সমৰ্থকে(suspected TIPRA Motha supporter)সোমবাৰে আবেলি নাড্ডাৰ ৰাজহুৱা ৰেলীত অংশ ল'বলৈ খুমুলৱঙলৈ যাওঁতে বিজেপি কৰ্মীসকলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়া বুলি দলীয় সূত্ৰই সদৰি কৰিছে । ইপিনে,মঙলবাৰে মুখ্যমন্ত্ৰী ডাঃসাহাই জিবি পন্ত চিকিৎসালয়ত উপস্থিত হৈ দলৰ চিকিৎসাধীন কৰ্মীসকলৰ স্বাস্থ্য়ৰ বুজ লয়(GB Pant hospital in Tripura)।

মুখ্যমন্ত্ৰী ডাঃ সাহাই এই প্ৰসংগত কয়,'মই এই বিষয়ে তথ্য পাইছিলো যেতিয়া গুৱাহাটীত আছিলো আৰু ইয়াত বিজেপি নেতাসকলক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছিলো । এইটো দুৰ্ভাগ্যজনক বিষয় যে যি সময়ত ৰাজ্যখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি উপস্থিত আছিল আমি এনে ধৰণৰ বীৰত্বৰ ছবি প্ৰত্য়ক্ষ কৰিব লগীয়া হৈছে । আগতেও আমি এনে ধৰণৰ হিংসাৰ সাক্ষী হৈছো ।' তেওঁ পুনৰ কয় যে আমাৰ ৰাজ্যত এনে ধৰণৰ হিংসাত্মক সংস্কৃতি বন্ধ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে ।

ৰাজ্য়ৰ আৰক্ষী বিষয়াসকলক ৰাজনৈতিক ৰং নিৰ্বিশেষে ঘটনাবোৰত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া বুলিমুখ্যমন্ত্ৰীগৰাকীয়ে কয় । তেওঁ লগতে কয় যে আন এক ঘটনাত নাড্ডাৰ ৰেলী শেষ কৰি ঘৰলৈ যাওঁতে দুখন বাহনৰ মুখামুখি সংঘৰ্ষত আন কেইবাজনো লোক আহত হয় । তেওঁলোকৰ ভিতৰত এজৰ অৱস্থা সংকটজনক । এই ঘটনাত আহতসকলে সোনকালেই আৰোগ্য হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:ত্ৰিপুৰাত টিপ্ৰা সমৰ্থকৰ বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ

ABOUT THE AUTHOR

...view details