নেশ্যনেল ডেস্ক,২১ মাৰ্চ: দেশত অব্যাহত আছে ক'ভিড-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । কিন্তু এই প্ৰক্ৰিয়াৰ মাজতে দেখা গৈছে বহু স্থানত প্ৰতিষেধকৰ যথেষ্ট পৰিমাণে অপচয় বা নষ্ট হৈছে । প্ৰতিষেধকৰ অপচয় সন্দৰ্ভত বিশেষ ঘোষণা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ । শনিবাৰে এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভিতৰত কম পৰিমাণে প্ৰতিষেধক অপচয় হোৱা ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত ত্ৰিপুৰা । তেওঁৰ মতে প্ৰতিষেধকৰ অপচয় গড় হিচাপত দেশত ৬ শতাংশ আৰু ত্ৰিপুৰাত ইয়াৰ পৰিমাণ মাত্ৰ ২.৫ শতাংশ । প্ৰতিষেধকৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষত আছে হিমাচল প্ৰদেশ আৰু তাৰ পিছতে ত্ৰিপুৰা ।
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ চৌহদত অনুষ্ঠিত ৭ম বাৰ্ষিক ন্যায়িক সন্মিলনত এই কথা অতি গৰ্বেৰে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সন্মিলনত মুখ্যমন্ত্ৰীৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এ কুৰেঞ্চী আৰু উচ্চ ন্যায়ালয় আৰু জিলা আদালতৰ অন্যান্য ন্যায়াধীশসকল উপস্থিত থাকে ।
কৰ'ণা সন্দৰ্ভত পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে মহামাৰীয়ে সকলোকে এক মহান শিক্ষা দিলে । কৰ'ণাই বহুতৰে প্ৰিয়জনক কাঢ়ি নিলে যদিও ই আত্মনিৰ্ভৰ হোৱাৰ এক বিশেষ বাৰ্তা দি গ'ল বুলিও দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে টীকাকৰণ অভিযান সফল কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী কৰণা যোদ্ধাকে প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে ।