অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত খাদ্যৰ নাটনি : কেন্দ্ৰক বাংলাদেশৰ মাজেৰে খাদ্য পৰিবহন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ - ন্দ্ৰক বাংলাদেশৰ মাজেৰে খাদ্য পৰিবহন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ত্ৰিপুৰাত প্ৰাকৃতিক দুৰ্যোগৰ ফলত খাদ্যৰ নাটনিয়ে দেখা দিছে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই শুকুৰবাৰে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেললৈ এখন পত্ৰৰ জৰিয়তে ভাৰতীয় খাদ্য নিগমক বাংলাদেশৰ আশুগঞ্জ নদী বন্দৰৰ জৰিয়তে ৰাজ্যখনত খাদ্য পৰিবহন কৰিবলৈ আহ্বান জনায় (Tripura CM urges Centre to transport food grain) ৷

কেন্দ্ৰক বাংলাদেশৰ মাজেৰে খাদ্য পৰিবহন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
Tripura CM urges Centre

By

Published : Jun 18, 2022, 7:19 AM IST

আগৰতলা, 18 জুন : ৰুষ্ট প্ৰকৃতি ৷ ত্ৰিপুৰাত প্ৰাকৃতিক দুৰ্যোগৰ ফলত খাদ্যৰ নাটনিয়ে দেখা দিছে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই শুকুৰবাৰে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেললৈ এখন পত্ৰৰ জৰিয়তে ভাৰতীয় খাদ্য নিগমক বাংলাদেশৰ আশুগঞ্জ নদী বন্দৰৰ জৰিয়তে ৰাজ্যখনত খাদ্য পৰিবহন কৰিবলৈ আহ্বান জনায় (Tripura CM urges Centre to transport food grain) ৷

পত্ৰখনত ড৹ সাহাই কয় যে শেহতীয়াকৈ উত্তৰ কাছাৰৰ পাহাৰত ভূমিস্খলন হোৱাৰ ফলত ত্ৰিপুৰাৰ সৈতে যাতায়ত সংযোগ বিচ্ছিন্ন হৈ যায় ৷ ফলত ৰাজ্যখনত ৰাজহুৱা বিতৰণৰ খাদ্যৰ নাটনি হৈছে । ৰাজ্যখনত ৰাজহুৱা বিতৰণৰ বাবে খাদ্যসামগ্ৰীসমূহ ৰে'লেৰে অনা হয় ৷ প্ৰাকৃতিক দুৰ্যোগৰ ফলত লামডিং বদৰপুৰ শাখাৰ ৰে'লপথ খহি পৰি যোগাযোগ বন্ধ হোৱাৰ বাবে ৰাজ্যখনত ৰাজহুৱা বিতৰণৰ বাবে খাদ্যৰ উপলব্ধতাত গুৰুতৰভাৱে প্ৰভাৱ পৰিছে ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৭ জুনলৈকে ৰাজ্যখনত ৰাজহুৱা বিতৰণৰ বাবে এফচিআইৰ ওচৰত প্ৰায় ৬,১০০ মেট্ৰিক টন চাউল উপলব্ধ আছে ৷ আনহাতে ৰাজ্যখনে নিয়মীয়া ৰাজহুৱা বিতৰণ আঁচনি আৰু প্ৰধানমন্ত্ৰী আৰু গৰিব কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএ) অধীনত মাহিলী খাদ্যৰ প্ৰয়োজন প্ৰায় ৩২,০০০ মেট্ৰিক টন । ৰাজ্যখনত সম্প্ৰতি উপলব্ধ ষ্টকৰে অহা 5 দিনৰ বাবেও খাদ্যৰ যোগাৰ নহ'ব বুলি আশংকা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ফলত অনাগত দিনত ৰাজ্যখনে তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

কেন্দ্ৰীয় খাদ্য মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "বাংলাদেশৰ আশুগঞ্জ নদী বন্দৰৰ জৰিয়তে ৰাজ্যখনলৈ খাদ্য আনিবলৈ এফ চি আইক নিৰ্দেশনা দিলে মই নথৈ আনন্দিত হম ৷"

লগতে চাওক :Ganja seized at Karimganj: কৰিমগঞ্জত যাত্ৰীবাহী বাহনত উদ্ধাৰ গাঞ্জা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details