অসম

assam

ETV Bharat / bharat

গাঞ্জা খেতিক বৈধতা প্ৰদান প্ৰসংগ : বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব বিপ্লৱ কুমাৰ দেৱে

ত্ৰিপুৰাত গাঞ্জা খেতিক বৈধতা প্ৰদান কৰাৰ সন্দৰ্ভত বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে ৷ সোমবাৰে বিধানসভাত বিজেপিৰ বিধায়ক দিবা চন্দ্ৰ হৃংখৱালেৰ এক প্ৰশ্নৰ উত্তৰ দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কথা জানিবলৈ দিয়ে ৷

tripura cm to approach experts over the issue of ganja legalization
গাঞ্জা খেতিক বৈধতা প্ৰদান : বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব বিপ্লৱ কুমাৰ দেৱে

By

Published : Mar 22, 2021, 9:47 PM IST

আগৰতলা, 22 মাৰ্চ:সোমবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বিধানসভাক সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে যে, গাঞ্জা খেতিৰ কৰাৰ বাবে বৈধতা প্ৰদান কৰাটো ৰাজ্যখনৰ বাবে উপযুক্ত সিদ্ধান্ত হ'ব নে ন'হব সেই সন্দৰ্ভত তেওঁ বিশেষজ্ঞ সকলক পৰীক্ষণ কৰিবলৈ আহ্বান জনাব ৷

ত্ৰিপুৰাত বিজেপি-আইপিএফটি চৰকাৰ অহাৰ পৰাই ৰাজ্য চৰকাৰে আৰম্ভ কৰা 'গাঞ্জা বিৰোধী' অভিযানৰ ফলশ্ৰুতিত গ্ৰাম্য অৰ্থনীতিত জীৱিকাৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি হৈছে বুলি দাবী কৰি বিজেপিৰ বিধায়ক দিবা চন্দ্ৰ হৃংখৱালে উপস্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ দি দেৱে এই কথা উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীৰ মতে, গ্ৰাম্য অৰ্থনীতিত যাতে কোনো বিৰূপ প্ৰভাৱ নপৰে সেই কথা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বহুকেইটা ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ৰাজ্যখনৰ কৃষকসকলে গাঞ্জা খেতি কৰিও একো লাভালাভ নাপাই আৰু লাভৰ অধিকাংশ মধ্যভোগীৰ পেটলৈ যাই বুলি দাবী কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, "গাঞ্জা খেতিৰ পৰা খেতিয়কসকলেপ্ৰায় একোৱেই নাপায় ৷ লাভ অধিকাংশই মধ্যভোগীৰ হাতলৈ যায় ৷ খেতিয়কসকলে যদি 1000 টকা পাই তেন্তে মধ্যভোগী সকলে 40 ৰ পৰা 50 হাজাৰ টকালৈকে লাভাংশ অৰ্জন কৰে ৷ নতুন চৰকাৰ গঠন হোৱাৰ পাছতে আনি গাঁৱলীয়া কৃষক সকলৰ নিৰ্যাতনৰ বন্ধ কৰিবলৈ প্ৰয়াস কৰাৰ লগতে ড্ৰেগন ফ্ৰুট, মাটিকঁঠাল, অগৰ আদিৰ খেতিৰ জড়িয়তে কৃষক সকলক সচ্ছল কৰি তুলিব চেষ্টা কৰিছো ৷ আমি বজাৰৰ সম্পৰ্ক স্থাপনৰ জড়িয়তে কৃষকসকলক তেওঁলোকে পাব লগীয়া সন্মান প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো ৷ "

লগতে পঢ়ক:ম্যানমাৰৰ শৰণাৰ্থীক সম্পৰ্কে জ'ৰাম থাংগাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ

ABOUT THE AUTHOR

...view details