আগৰতলা, 28 মাৰ্চ: দেওবাৰে মন কী বাত অনুষ্ঠান শুনাৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Tripura CM thanking PM Modi)৷ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল ত্ৰিপুৰাৰ কঠালৰ বিষয়ে (PM highlights about jackfruits of Tripura)৷ প্ৰধানমন্ত্ৰীৰ মুখত ত্ৰিপুৰাৰ কঠালৰ বিষয়ে শুনি আনন্দিত হৈ পৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ একাংশৰ সাধাৰণ নাগৰিকৰ সৈতে ধলেশ্বৰৰ স্বামী দয়ালনন্দ বিদ্যানিকেতনত মন কী বাত অনুষ্ঠান শুনে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কয় যে, মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে (Maan ki Baat) আন্তঃৰাষ্ট্ৰীয় বজালৈ ত্ৰিপুৰাৰ কঠাল ৰপ্তানি কৰাৰ(Jackfruits export from Tripura) প্ৰসংগ উল্লেখ কৰিছে ৷ ইয়াৰোপৰি আন কেইবাটাও বিষয়ৰ মাজত ত্ৰিপুৰাৰ বাঁহেৰে নিৰ্মিত বটলৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে ৷ উপযুক্ত পদক্ষেপৰ ফলাফল হিচাপে ত্ৰিপুৰাত উপলব্ধ বিভিন্ন সাম্ভাব্য সামগ্ৰী সমূহৰ বাণিজ্যিক চাহিদা বৃদ্ধি পাইছে ৷