অসম

assam

ETV Bharat / bharat

ভাৰত-বাংলাদেশৰ সম্পৰ্ক বেয়া কৰিবলৈ এই ষড়যন্ত্ৰ : বিপ্লৱ কুমাৰ দেৱ - india bangladesh relation

বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই ঘটনাৰে জড়িত লোকসকলক কঠোৰ শাস্তি প্ৰদানৰ আহ্বান জনায় বাংলাদেশ চৰকাৰক ।

Tripura CM reaction on attacks on Hindu minority in Bangladesh
বাংলাদেশৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ প্ৰতিক্ৰিয়া

By

Published : Oct 20, 2021, 12:51 PM IST

নেশ্যনেল ডেস্ক, ২০ অক্টোবৰ: বাংলাদেশত সংখ্যালঘু হিন্দু লোকৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Deb) বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷ দেৱে কয় যে, ভাৰত-বাংলাদেশৰ দীৰ্ঘদিনীয়া সু-সম্পৰ্ক বিনষ্ট কৰিবলৈ চেষ্টা কৰি থকাসকলৰ দ্বাৰা ৰচিত ষড়যন্ত্ৰৰ এয়া মাথো এক অংশ ।

মঙলবাৰে ৰাজস্থানৰ পৰা আহি ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ(Maharaja Bir Bikram Airport)ত উপস্থিত হোৱাৰ পাচতে সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, এই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা প্ৰয়োজন ৷ এনে আক্ৰমণৰে জড়িত লোকসকলক পৃথিৱীৰ কোনো স্থানতে আশ্ৰয় দিয়া উচিত নহয় । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মৌলবাদী সংগঠনে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক বেয়া কৰিবলৈ অহৰহ চেষ্টা কৰি আছে । তেওঁলোকেই এই সমগ্ৰ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলিও তেওঁ মন্তব্য কৰে ।

বিপ্লৱ কুমাৰ দেৱে বাংলাদেশ চৰকাৰৰ ওপৰত আস্থা ৰাখি বাংলাদেশৰ প্ৰধানমন্ত্ৰীক এই সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, শেহতীয়াকৈ বাংলাদেশে উন্নয়নৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । অৰ্থনৈতিকভাৱেও যথেষ্ট সবল হৈছে । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশ চৰকাৰে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী ৷ এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিৰ মৌলবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰো দাবী কৰে ত্ৰিপুৰাৰ মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে, মৌলবাদী সংগঠনৰ পৰিকল্পনা যিয়েই নহওঁক, এয়া নিশ্চিত যে বাংলাদেশ প্ৰশাসনে মৌলবাদী সংগঠনে কৰা এই প্ৰচেষ্টা বিফল কৰিব ।

ইফালে, ৰাজ্যিকবিজেপিৰ সভাপতি ড০ মাণিক সাহায়েও এই হিংসাত্মক ঘটনাক গৰিহণা দিয়ে । তদুপৰি দলৰ তৰফৰ পৰা প্ৰকাশিত এক বিবৃতিত বাংলাদেশত বাস কৰা হিন্দু লোকসকলৰ প্ৰতিগেৰুৱা দলটোৱে সমৰ্থন আগবঢ়োৱা দেখা যায় ।

শেহতীয়াকৈ দুৰ্গা পূজা চলি থকা অৱস্থাতে মন্দিৰত কৰা আক্ৰমণৰ ঘটনাই বাংলাদেশত বাস কৰা লাখ লাখ হিন্দু লোকক আতংকিত কৰি তুলিছে । এতিয়াও এইসকল লোকৰ মনৰ শংকা দূৰ হোৱা নাই । বাংলাদেশ চৰকাৰে সংখ্যালঘু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলিও বিবৃতিটোত উল্লেখ কৰে ৷

বিবৃতিটোত উল্লেখ কৰা হৈছে যে, গেৰুৱা দলটোৱে বাংলাদেশৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । এই কাৰ্যৰ প্ৰতিবাদস্বৰূপে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কেইবাটাও সংগঠনে শেহতীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কেৱল ইয়াতে ক্ষান্ত নাথাকি ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া বাংলাদেশ চলচ্চিত্ৰ মহোৎসৱ বাতিল কৰাৰ দাবীও উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।



লগতে পঢ়ক: উত্তৰাখণ্ডত প্ৰলয়ংকাৰী বানত ৮ জনৰ মৃত্যু: মুখ্যমন্ত্ৰী ধামীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details