আগৰতলা,17 জুলাই :সম্প্ৰতি ত্ৰিপুৰাত চৰ্চিত হৈ আছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ কেবিনেটৰ সম্প্ৰসাৰণৰ প্ৰসংগ ৷ এনে সময়তে শুকুৰবাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Deb) বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰে (B L Santosh) সৈতে ত্ৰিপুৰাত এক আলোচনাত মিলিত হয় ৷ জানিব পৰা মতে, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ এই বৈঠকত মিলিত হয় দুয়োগৰাকী ৰাজনৈতিক নেতা ৷
শুকুৰবাৰে আকস্মিক ত্ৰিপুৰা ভ্ৰমণ আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীৰ ৷ কিন্তু তেওঁৰ ত্ৰিপুৰা ভ্ৰমণ সম্প্ৰতি ৰাজ্যখনৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চিত হৈ আছে ৷ একাংশ ৰাজনৈতিক বিষয়াৰ মতে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীৰ এই ভ্ৰমণ বিজেপিৰ বিপক্ষে আছিল ৷ কিন্তু এই কথা নস্যাৎ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে ৷