আগৰতলা, ৬ছেপ্টেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi)আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ(BJP National President JP Nadda)সৈতে হোৱা বৈঠকৰ এদিন পিছতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা মঙলবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাহাক সাক্ষাৎ কৰে ।
গৃহমন্ত্ৰীৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বৈঠক - Tripura CM Dr Manik Saha
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ(Union Home Minister Amit Saha)সৈতে মঙলবাৰে বৈঠকত মিলিত হয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা । উক্ত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহক আৰু দুটা আইআৰ বেটেলিয়ন স্থাপনৰ প্ৰস্তাৱ আগৱঢ়াইছে মুখ্যমন্ত্ৰী ডাঃ সাহাই ।
মুখ্যমন্ত্ৰী ডাঃ সাহাই(Tripura CM Dr Manik Saha)যোৱা ৪ ছেপ্টেম্বৰত নতুন দিল্লীত উপস্থিত হৈ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে ৷ ইয়াৰ পিছতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ(Union Home Minister Amit Saha)সৈতে বৈঠকত মিলিত হয় । উক্ত বৈঠকৰ পিছত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহক আৰু দুটা আই আৰ বেটেলিয়ন স্থাপনৰ প্ৰস্তাৱ আগৱঢ়াইছে । উল্লেখ্য় যে ত্ৰিপুৰাত বৰ্তমান দুটা আই আৰ বেটেলিয়ন আছে ।
তদুপৰি উক্ত বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা বুলিও কয় মুখ্যমন্ত্ৰী ডাঃ সাহাই । কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এইক্ষেত্ৰত প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস(Amit Saha assured to provide necessary help)দিয়া বুলি তেওঁ কয় ।
লগতে পঢ়ক:মাদ্ৰাছা সন্দৰ্ভত নতুন কৌশল যুগুত জমিয়ত উলেমাৰ